Home দেশচন্দ্ৰযান-৩ৰ সফল অৱতৰণ, জোনবাইৰ ঘৰলৈ এতিয়া মাথোঁ ৰিং এটাৰ বাট…

চন্দ্ৰযান-৩ৰ সফল অৱতৰণ, জোনবাইৰ ঘৰলৈ এতিয়া মাথোঁ ৰিং এটাৰ বাট…

by News Desk
A+A-
Reset
chandrayaan-3

বিশেষ প্ৰতিবেদনঃ অৱশেষত অন্ত পৰিল এক বিশেষ অপেক্ষাৰ। বুধবাৰে সন্ধিয়া প্ৰায় ৬.০৪ বজাত সাধুকথাৰ জোনবাইজনীৰ বুকুত অৱতৰণ কৰি চন্দ্ৰযান-৩য়ে ৰচনা কৰিলে ইতিহাস। ইয়াৰ লগে লগে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা ভাৰত হৈ পৰিল বিশ্বৰ প্ৰথমখন দেশ। বিক্ৰম লেণ্ডাৰৰ ছফট লেণ্ডিঙৰ পিছত ৰভাৰ প্ৰজ্ঞানে তাৰ পৰা বিচ্ছিন্ন হৈ জোনৰ বুকুত ভ্ৰমণ কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিব। যোৱা ১৪ জুলাইৰ দুপৰীয়া ২.৩৫ বজাত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা চন্দ্ৰযান-৩য়ে আজি সফলতাৰে ৪০ দিনীয়া যাত্ৰা সম্পূৰ্ণ কৰি ইপ্সিত লক্ষ্যত উপনীত হয়।

চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পিছতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ মুৰব্বী এছ সোমনাথে এই অভিযানৰ সফলতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। লগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিবাদন জ্ঞাপন কৰি দুআষাৰ ক’বলৈ কয়। সোমনাথে কয়, ‘মই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ আহ্বান জনাইছো।’ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0