আমাক দিয়া পৰামৰ্শ প্ৰধানমন্ত্ৰীয়ে নিজেই অনুসৰণ কৰকঃমনমোহন সিং

Printer-friendly versionSend by email

ডিজিটেল ডেস্কঃ কাঠুৱা আৰু উন্নাও কাণ্ডই দেশ উত্তাল কৰি ৰখাৰ সময়তে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে৷ এটি নিউজ চেনেলক দিয়া সাক্ষাৎকাৰত মনমোহন সিঙে প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ কটাক্ষ কৰি কয় ‘‘প্ৰধানমন্ত্ৰীয়ে আমাক যি পৰামৰ্শ দিয়ে সেই পৰামৰ্শ তেওঁ নিজে অনুসৰণ কৰক৷ বেছি কৈ কথা কওক তেওঁ৷’’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উন্নাও আৰু কাঠুৱা কাণ্ড সন্দৰ্ভত বহু পলমকৈ হলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত মনমোহন সিঙে নিজকে সুখী বুলি কয়৷ বিজেপিয়ে মৌন মনমোহন সিং বুলি কটুক্তি কৰা সন্দৰ্ভত মনমোহন সিঙে কয় ‘‘সমগ্ৰ জীৱন এই ধৰণৰ মন্তব্য শুনিছো৷

মই এতিয়া অভ্যস্ত এই কথা শুনিবলৈ৷ মই ভাবো যিয়ে চৰকাৰত থাকে তেওঁলোকে সময় মতে মুখ খোলক৷ যাতে সংশ্লিষ্ট দলৰ লোকে দিশ লাভ কৰে৷’’ ২০১২ চনৰ দামিনী কাণ্ডৰ কথা উল্লেখ কৰি মনমোহন সিঙে আৰু কয় ‘‘সেই সময়ত কংগ্ৰেছে ধৰ্ষণৰ আইনৰ জৰুৰী সংশোধন কৰিছিল৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে দেশত সংঘটিত ধৰ্ষণ কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত দেশৰ ৰাজনৈতিক দলে তীব্ৰ সমালোচনা কৰাত দলিত নেতা দেশৰ সংবিধান নিৰ্মাতা ভীমৰাও আম্বেদকাৰৰ জন্ম জয়ন্তীত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ধৰ্ষণ কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷ মোডীয় দোষীয়ে ৰেহাই নাপাই আৰু দেশৰ কন্যাই ন্যায় লাভ কৰিব বুলি কয়৷