11
May
2017
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/kam.jpg?itok=mw6wxLgN)
গুৱাহাটীঃ সমষ্টিবাসীৰ সমস্যা পূৰণ কৰিবলৈ সমৰ্থ হওক বা নহওক, ব্যক্তিগত স্বাৰ্থৰ সৈতে যে কিঞ্চিতো আপোচ কৰিবলৈ একাংশ জনপ্ৰতিনিধি মুঠেই ৰাজি নহয় তাৰ এক উদাহৰণ আজি স্বয়ং অসম বিধানসভা চৌহদতে পোৱা গ’ল।
বিধানসভাৰ বিশেষ অধিৱেশন উপলক্ষে আজি সদনত উপস্থিত থকা উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই বিধানসভাৰ কেন্টিনত তুলনামূলকভাৱে সৰু চামোচা যোগান ধৰাত ক্ষোভ প্ৰকাশ কৰে। কংগ্ৰেছ বিধায়কজনে বিধানসভাৰ কেন্টিনত নিম্নমানৰ খাদ্য যোগান ধৰা হৈছে বুলিও ক্ষোভ প্ৰকাশ কৰে।
খাদ্যক লৈ এনেদৰে বিষোদগাৰ প্ৰকাশ কৰা বিধায়কজনে অৱশ্যে চৰকাৰৰ কাম-কাজক লৈ অথবা সমষ্টিবাসীৰ স্বাৰ্থৰ খাতিৰত সদনত সৰৱ ভূমিকা পালনৰ উদাহৰণ কম। আনকি আজি বিধানসভাত গৃহীত হোৱা সামগ্ৰী আৰু সেৱা(জি এছ টি) বিধেয়কক লৈও তেওঁ বিশেষ আলোচনাত অংশ লোৱা নাই।