মৰিগাওঁৰ খান্দাপুখুৰী এম,ই মাদ্ৰাছা বিদ্যালয়ত আজৱ কাণ্ড, শিক্ষাৰ পৰিবৰ্তে চলিল নিৰ্বাচনী মহাভোজ 

মৰিগাওঁঃ মৰিগাওঁ এখন বিদ্যালয়ত আজৱ কাণ্ড৷ বিদ্যালয় বন্ধ কৰি চলিছে কংগ্ৰেছৰ নিৰ্বাচনীভোজ৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশ উলংঘা কৰি এই কাণ্ডক কিমান গ্ৰহন যোগ্য সেইটো প্ৰশ্ন উঠিছে ৷
মৰিগাওঁ জিলাৰ মিকিৰভেটা অন্তৰ্গত কলমৌবাৰী পঞ্চায়তৰ কংগ্ৰেছ দলৰ সভাপতি পদৰ প্ৰাৰ্থী মইদুল ইছলাম আৰু লগতে বিভিন্ন পদৰ প্ৰাৰ্থী সকলে বিদ্যালয়ৰ চৌহদক পৰিবৰ্তন কৰিলে নিৰ্বাচনৰ সামুহিক ভোজন-স্থলীলৈ যাৰ বাবে আজি খান্দাপুখুৰী এম,ই মাদ্ৰাছা বিদ্যালয় খনৰ পাঠদান বন্ধ ৰাখিলে কংগ্ৰেছৰ প্ৰাৰ্থী সকলে ৷

কলমৌবাৰী পঞ্চায়তৰ কংগ্ৰেছ দলৰ সভাপতি পদৰ প্ৰাৰ্থী মইদুল ইছলাম

নিৰ্বাচনী বিধি উলংঘা কৰি বিদ্যালয়ৰ পাঠদান বন্ধ ৰাখি সামুহিক ভোজ অনুস্থিত কৰাতো ঘটনাতোত নিৰ্বাচন আয়োগে কি ব্যৱস্থা গ্ৰহন সেইতোহে আজিৰ তাৰিখত লক্ষণীয় হ’ব৷