ডিজিটেল ডেস্কঃ এগৰাকী যুৱতীৰ টুইটে কপাইছে দিল্লী৷ এটাৰ পিছত এটা টুইটে একপ্ৰকাৰ খলকনি লগাইছে দিল্লীত৷ টুইট কৰা যুৱতীগৰাকীয়ে এগৰাকী ৰাজ্য সভাৰ সাংসদে বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি সহবাস কৰি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে৷ যুৱতীগৰাকীয়ে সৰু সৰু মানুহলৈ টুইট কৰা নাই৷ ছয় অক্টোবৰত তেও টুইট কৰিছে কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধী, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, সাংসদ চেলিম আদিৰ দৰে ৰাজনৈতিক দলৰ নেতাক৷

যুৱতীগৰাকীয়ে এই সকল নেতাৰ পৰা সহায় বিছাৰে৷ নম্ৰতা নামৰ যুৱতীগৰাকীয়ে ৰাজ্যসভাৰ সাংসদ চিপিএম নেতা ঋতব্ৰত বন্দোপাধ্যায়ৰ বিৰুদ্ধে বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি সহবাস কৰি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে৷ বিয়াৰ প্ৰতিশ্ৰুতি দি সহবাস কৰি নম্ৰতাক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে চিপিএম দলৰ পৰা বহিস্কাৰ কৰিছিল ঋতব্ৰত বন্দোপাধ্যায়ক৷

কলকাতাৰ দিনাপুৰ জিলাৰ বালুৰঘাট থানাত এজাহাৰ দাখিল কৰে যুৱতীগৰাকীয়ে৷ আনহাতে যুৱতীগৰকীৰ বিৰুদ্ধেও কলকাতাৰ গাৰ্ফা থানাত এজাহাৰ দাখিল কৰে সাংসদ ঋতব্ৰতে৷ নম্ৰতাৰ এজাহাৰৰ ভিত্তীত আৰক্ষীয়ে গোচৰ ৰুজু কৰে চিপিএম নেতাগৰাকীৰ বিৰুদ্ধে৷ দিল্লীৰ দক্ষিণ এভিনিউত এটি ফ্লেটত বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি সহবাস কৰিছিল সাংসদগৰাকীয়ে৷

নম্ৰতা দত্ত নামৰ যুৱতীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধী, মমতা বেনাৰ্জীক টুইট কৰি তেও ধৰ্ষণৰ বলি হোৱা বুলি কৈ সহায় বিছাৰে৷ সাংসদগৰাকীয়ে প্ৰথমে ২.৫ লাখ টকা পিছতে ৫০ লাখ টকাৰ প্ৰলোভন দি মুখ বন্ধ কৰিব খোজা বুলি অভিযোগ উত্থাপন কৰে যুৱতীগৰাকীয়ে৷ সাংসদগৰাকীৰ আন এগৰাকী প্ৰেয়সী আৰু সাংসদগৰাকীয়ে তেওক মোবাইল যোগে ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপন কৰে নম্ৰতাই৷

তাৰ মাজতে চিআইডিয়ে বৃহস্পতিবাৰে জেৰা কৰিব চিপিএম নেতাগৰাকীক৷ তেওক পশ্চিম বংগৰ ভৱানী ভৱনত উপস্থিত হোৱাৰ নিৰ্দেশ দিছে চিআইডিয়ে৷ বুধবাৰে যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰে বালুৰঘাট আৰক্ষীয়ে৷ আনহাতে এজাহাৰ দাখিল কৰাৰ পিছতে অগ্ৰিম জামিনৰ বাবে ঋতব্ৰত বন্দোপাধ্যায়ৰ অধিবক্তাই ন্যায়লয়লৈ যোৱা বুলি জানিব পৰা গৈছে৷ ইপিনে ঋতব্ৰতে তেওৰ বিৰুদ্ধে মিছা অভিযোগেৰে টকা আদায় কৰাৰ চেষ্টা কৰা বুলি যুৱতীগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে৷