ফখৰুল ইছলাম, দৰংঃ ৰাজ্যত বৃদ্ধি পোৱা নিছা জাতীয় দ্ৰব্য সেৱন, বাল্য বিবাহ আদিৰ বিৰুদ্ধে আমছুয়ে বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ খাৰুপেটীয়াতো এই কাৰ্যসূচী ৰূপায়ন কৰা হয়৷

নিছাযুক্ত দ্ৰব্য সেৱন বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক, অসামাজিক কাৰ্যকলাপ বন্ধ কৰক ইত্যাদি শ্ল’গানেৰে খাৰুপেটীয়াৰ ৰাজপথ উত্তাল কৰে প্ৰতিবাদকাৰীসকলে৷ 

খাৰুপেটীয়া টাউন আঞ্চলিক আমছুৰ উদ্যোগত খাৰুপেটীয়া ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুই শতাধিক সমৰ্থকে বাল্য বিবাহ, নিচাজাতীয় দ্ৰব্য সেৱন বন্ধ কৰাৰ দাবীত দুপৰীয়া ১২ বজাত সমদল উলিয়াই চৰকাৰ আৰু ৰাইজক সজাগ কৰাৰ চেষ্টা কৰে৷ কাৰ্যসূচীটোত আমছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ, দৰং জিলাৰ সভাপতি আলেপ উদ্দিন আহমেদ, খাৰুপেটীয়া টাউন আঞ্চলিক আমছুৰ সভাপতি জিয়াউল হক প্ৰমুখ্যে কেইবাজনো ছাত্ৰ নেতাই অংশগ্ৰহণ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ উল্লেখ্য যে প্ৰখৰ ৰদত এঘণ্টাৰো অধিক সময় ধৰি চলে এই প্ৰতিবাদী কাৰ্যসূচী৷