খাৰুপেটীয়া: ৰাজ্যখনৰ বিভিন্ন স্থানত আজি আবেলি ৩ বজাত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰে যদিও দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত দুটা কেন্দ্ৰত আবেলি ৩ বজাতহে আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ দলগাঁৱৰ ৬৩১ নং ৰৌমাৰী প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত আজি পুৱাৰ পৰা চৰম বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়৷

কেন্দ্ৰটোত ঢেকেৰীগাঁৱৰ ৭৮২ গৰাকী ভোটাৰৰ নাম ৰৌমাৰী কেন্দ্ৰৰ সলনি ৰোহিনীকাষ প্ৰাথমিক বিদ্যালয়ত থকাত ভোটাৰ ৰাইজৰ প্ৰতিবাদত পুৱাৰ পৰা বন্ধ আছিল ভোটদান প্ৰক্ৰিয়া৷ ৰাইজৰ ব্যপক প্ৰতিবাদত পুৱা ১১ বজাত ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে ভোটদান প্ৰক্ৰিয়া স্থগিত ৰখাত একাংশ ৰাইজে ঘৰলৈ গুচি যোৱাৰ পিছত কেন্দ্ৰটোত উপস্থিত হয় দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু আৰক্ষী অধীক্ষক শ্ৰীজিৎ টি৷ 

প্ৰশাসনে ৰৌমাৰী কেন্দ্ৰত অহা ৰাইজক প্ৰায় চাৰি কিলোমিটাৰ দূৰত থকা ৰোহিনীকাষ প্ৰাথমিক বিদ্যালয়লৈ গৈ ভোট দিবলৈ আহ্বান জনোৱাত উত্তেজিত ৰাইজে ৰোহিনীকাষ কেন্দ্ৰলৈ যাবলৈ ৰাজী নহয় যদিও বহু আলোচনাৰ অন্তত দুটা কেন্দ্ৰত আবেলি তিনি বজাত আৰম্ভ হয় ভোটগ্ৰহণ৷ ইপিনে পুৱা ছয় বজাৰ পৰা ভোটকেন্দ্ৰ সমূহত দীঘলীয়া শাৰী পাতি অপেক্ষা কৰাৰ অন্তত পুনৰ নিশালৈ ভোটৰ বাবে শাৰী পাতিবলগীয়া হৈছে ভোটাৰ সকলে৷ নিশা ১১ বজালৈ ৰোহিনীকাষ আৰু ৰৌমাৰী কেন্দ্ৰত চলিব ভোটগ্ৰহণ৷

পুৱাৰ পৰা দিঘলীয়া শাৰী পাতি ভোট দিবলৈ আহি দুৰ্ভোগত ভুগিছে ৰাইজ৷ দলগাঁও সমষ্টিৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত সন্ধিয়া লৈকে দীঘলীয়া শাৰী নিশা বহু দেৰিকৈ চলিব ভোটগ্ৰহণ।