দৰংঃ দৰং জিলাৰ দলগাঁও ৰাজ্যিক চিকিৎসালয়খনত চিকিৎসকৰ মইমতালিৰ ফলত দৈনিক ব্যাপক দুৰ্ভোগৰ সন্মুখীন হৈছে ৰাইজ৷ অভিযোগ মতে, দলগাঁও ৰাজ্যিক চিকিৎসালয়খন মইনুল নামৰ চিকিৎসক এজনৰ দায়িত্বত আছে যদিও চিকিৎসকজন প্ৰায় সময়তে উপস্থিত নাথাকে চিকিৎসালয়খনত৷ 

বৃহত্তৰ দলগাঁও অঞ্চলৰ একমাত্ৰ চিকিৎসালয়খনত দৈনিক প্ৰায় আঢ়ৈশ-তিনিশ ৰোগী চিকিৎসাৰ বাবে আহে যদিও চিকিৎসাৰ বাবে বহু সময় অপেক্ষা কৰিবলগীয়া হয়৷ চিকিৎসালয়খনত আন এগৰাকী চিকিৎসক দৈনিক আহে যদিও দুপৰীয়া ১ বজাৰ পিছত বন্ধ হৈ পৰে ৰাজ্যিক চিকিৎসালয়খন৷ 

অভিযোগ মতে, মইনুল নামৰ আয়ুৰ্বেদিক চিকিৎসকজনে মাজে মাজেই অনুপস্থিত থাকে চিকিৎসালয়খনত৷ যাৰ ফলত এগৰাকী চিকিৎসকৰ ওপৰত ৰোগী চোৱাৰ অধিক বোজা পৰে বুলি জানিব পৰা গৈছে৷ স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নাপাই বহুতে বিভিন্ন কাম কাজৰ বাবে আহি ঘূৰি যাবলগীয়া হয়৷ চিকিৎসালয়ত ৰোগী চোৱাৰ সলনি নিজ কোৱাৰ্টাৰত ব্যক্তিগতভাৱে ৰোগী চোৱাতহে ব্যস্ত হৈ পৰে মইনুল নামৰ চিকিৎসক গৰাকী৷ 

আনহাতে, ব্যক্তিগতভাৱে চিকিৎসা কৰিবলৈ যোৱা যিকোনো ৰোগীক চেলাইন দিয়াটো এক সাধাৰণ ব্যৱসায়ত পৰিণত হৈছে৷ এনে চেলাইন লগোৱা ব্যৱসায় কাৰ্য চিকিৎসালয় চৌহদৰ আৱাসগৃহত চলে এক ৰমৰমীয়া ব্যৱসায়৷ একাংশ স্থানীয় ৰাইজ আৰু সংগঠনে অভিযোগ কৰা মতে, উক্ত চিকিৎসকজনৰ বিৰুদ্ধে বিভিন্ন সময়ত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক অভিযোগ কৰা হৈছে যদিও বিগত প্ৰায় ৭ বছৰ যাবৎ দলগাঁও ৰাজ্যিক চিকিৎসালয়খনত থকা চিকিৎসক গৰাকীক আজিলৈ বদলি কৰিব নোৱাৰিলে৷ 

সন্ধিয়াৰ পিছত চিকিৎসালয়খনত নাথাকে কোনো চিকিৎসক৷ ফলত পথ দূৰ্ঘটনা বা অন্যান্য চিকিৎসাৰ বাবে ৰোগী সকলে চিকিৎসালয়লৈ আহি ঘুৰি যাবলগীয়া হয়৷  দলগাঁও থানাৰপৰা কাৰোবাক মেডিকেল কৰাবলৈ হ’লে ওচৰৰ চিকিৎসালয় (দলগাঁও)ৰ সলনি দৈনিক কেইবাবাৰো খাৰুপেটীয়া চিকিৎসালয়লৈ যাবলগীয়া হয়৷ দলগাঁও সমষ্টিৰ সদৰ ঠাইত থকা ৰাজ্যিক চিকিৎসালয়খনৰ চিকিৎসা সেৱাৰ নামত চিকিৎসকৰ মইমতালিত ক্ষুণ্ণ সৰ্বসাধাৰণ ৰাইজে চিকিৎসক জনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে স্বাস্থ্য সেৱা নিয়মীয়া কৰাৰ দাবী তুলিছে। 

উল্লেখ্য যে, দলগাঁও ৰাজ্যিক চিকিৎসালয়খন উন্নীতকৰণ কৰিবলৈ বিভিন্ন সংগঠনে দাবী জনাই আহিছিল যদিও দলগাঁও সমষ্টিটোৰ প্ৰাণকেন্দ্ৰ দলগাঁও ৰাজ্যিক চিকিৎসালয়খনৰ আজিলৈ নহ’ল কোনো উন্নয়ন নোহোৱাত কাৰ্যত বিয়াগোম স্বাস্থ্য বিভাগটোৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে। সুদীৰ্ঘ এটা দশকৰো অধিক সময় স্বাস্থ্য বিভাগক নিজৰ কব্জাত ৰখা কথা চহকী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য খণ্ডত অসম ব্যাপি ৰোগৰ দুৰ্ভোগে মন্ত্ৰীজনৰ দক্ষতাৰ ওপৰত প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। এতিয়া প্ৰশ্ন হয় যে দলগাঁৱৰ দৰে সদা ব্যস্ত আৰু গুৰুত্বপূৰ্ণ চিকিৎসালয়খনৰ স্বাস্থ্য সেৱা উন্নত কৰিবলৈ মন্ত্ৰীজনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে?