ফখৰুল ইছলাম,দৰংঃ এখন গাঁও, যিখন গাঁৱত শিশুৰপৰা বয়োজেষ্ঠজনলৈ পুৱাৰপৰা গধূলিলৈকে কাম কৰিব লাগে দুবেলা দুমুঠি বাবে। সৰু ডাঙৰ টুকুৰী বা খাচা বনোৱাত পুৰুষৰ সমানে সমানে দিনটো ব্যস্ত হৈ পৰে গাঁওখনৰ মহিলাসকলেও। দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত ন- মাটি নামৰ বিশাল এলেকাটোৰ এটা অংশ ১৫০ টা পৰিয়ালে বসবাস কৰি আছে। 

যদিও এই সকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে বৰ্তমানেও পোৱা নাই কোনো চৰকাৰী সাহাৰ্য। সৰ্বদিশত অৱহেলিত এই পৰিয়ালকেইটাৰ নাই খেতি মাটি। একঠা-দুকঠা মাটি সম্পত্তিৰে জীৱন নিৰ্বাহ কৰা গাঁওবাসীয়ে টুকুৰী বা খাছা বনাবলৈ আৰম্ভ কৰে ১৯৭০ চনৰপৰা। প্ৰথম অৱস্থাত সিমান চাহিদা নাছিল যদিও সময় বাগৰাৰ লগে লগে ইয়াৰে চাহিদা বৃদ্ধি পাবলৈ ধৰে। 

কেচাঁ শাক পাচলি তথা অন্যান্য সামগ্ৰী নিয়াৰ বাবে সুবিধাজনক এই টুকুৰী বা খাচা। একোটাৰ মূল্য ৬০ টকাৰপৰা ৭০ টকা। দৈনিক ১৪ পৰা ১৮ খন খাছা তৈয়াৰ কৰে গাঁওখনৰ প্ৰতিজন সদস্যই। এই টুকুৰী বা খাচা তৈয়াৰ কৰি জীৱন নিৰ্বাহ কৰা গাঁওখনৰ এতিয়া অসমৰ সকলোৰে পৰিচিত। খাচা পট্টি বুলি কলে সকলোৱে চিনি পাই। এই গাঁওখনত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। পানীখিনিৰ বাবে চৰকাৰৰপৰা পোৱা নাই কোনো ধৰনৰ দমকল। 

গাঁওখনৰ কাষেৰে বৈ যোৱা এটা নৈৰ পানী ব্যৱহাৰ কৰে। গাঁৱবাসীয়ে চৰকাৰৰপৰা কোনোধৰণৰ সাহাৰ্য্য আগবঢ়োৱা নাই। কৰ্ম নকৰিলে পেটলৈ ভাত নোযোৱা শিশুৱে মাক দেউতাক টুকুৰী বা খাচা বনোৱাত পুৱাৰে পৰা গধুলিলৈ সহায় কৰে। কিন্তু পৰিতাপৰ বিষয় যে বৰ্তমান গাঁওবাসীয়ে প্ৰত্যাহ্বান হিচাপে থিয় দিছে কাগজৰ কাৰ্টুন। যান্ত্ৰিক যুগত এই টুকুৰী বা খাচাৰ পৰিৱৰ্তে সহজ তথা কম খৰছৰ কাৰ্টুন ব্যৱহাৰে খাচাৰ চাহিদা কমোৱাত গাঁৱবাসীৰ প্রতি নামি আহিছে অন্ধকাৰ। কাৰ্টুন ব্যৱহাৰে হঠাতে টুকুৰী বা খাচাৰ চাহিদা কমি অহাত এই দৰিদ্ৰ পৰিয়ালসকলৰ দুবেলা দুমুঠিৰ অন্নৰ ব্যৱস্থা কৰাত কষ্ট হৈ পৰিছে।