ডিজিটেল ডেক্সঃ জীৱনৰ অতি গুৰুত্বপূৰ্ণ বৈবাহিক সম্বন্ধত চূড়ান্ত সিদ্ধান্ত ল’বলৈ হোঁহকা-পিছলা কৰি থকা বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে অৱশেষত মন ডাঠ কৰিলে৷ তেওঁ বিয়াত বহিব৷ দৰা আন কোনো নহয়, বলীউডৰে অভিনেতা ৰণবীৰ সিং৷ দুয়োৰে বিবাহৰ দিনো থিক্ হৈছে৷ সেয়াও আকৌ প্ৰেমৰ দিনত৷ দুয়ো তাৰকাই তেওঁলোকৰ প্ৰেমক বিবাহৰ জৰিয়তে স্থায়িত্ব দিবলৈ বন্ধনৰ দিন হিচাপে বাছি লৈছে ভেলেণ্টাইন ডে’ৰ দিনটো৷

দীপিকা আৰু ৰণবীৰে আজি এক যুটীয়া বিবৃত্তিযোগে কয় যে পৰিয়ালৰ আশিস শিৰত লৈ অহা ১৪ আৰু ১৫ নৱেম্বৰত তেওঁলোকে বিবাহত বহিব৷ মন কৰিবলগীয়া যে এই দুই ছুপাৰষ্টাৰৰ সম্পৰ্কক লৈ ছবি জগতত যোৱা কেইবামাহৰপৰা বু বু-বা বা চলি আছিল৷