ডিজিটেল ডেস্কঃ বিদ্যালয়ৰ স্নানাগাৰত সন্তান প্ৰসৱ কৰিলে নাবালিকা ছাত্ৰীয়ে। দিল্লীৰ মল্লিকপুৰ অঞ্চলৰ এখন চৰকাৰী বিদ্যালয়ত সংঘটিত হ'ল এই ঘটনা। ১০ বছৰীয়া বালিকাই অপৰিপক্ব ভ্ৰূণৰ নৱজাতকৰ জন্মৰ পিছতে পোহৰলৈ আহিছে নিৰ্যাতনৰ ভয়াৱহ কাহিনী।

উপলব্ধ সম্ভেদ অনুসৰি দৰিদ্ৰ পৰিয়ালৰ কন্যাগৰাকীক প্ৰতিৱেশীৰ এটা লম্পট পুৰুষে নিৰ্যাতন চলাইছিল। কোমলমতীয়া বালিকাক ধৰ্ষণ কৰা পাষণ্ড পেছাত অটোচালক। বিগত সময়ত কেবাবাৰো বালিকাগৰাকীক ধৰ্ষণ কৰি লম্পটে মনে মনে থাকিবলৈ বাধ্য কৰাইছিল।

⇒ পঢ়িবলৈ তলত ক্লিক কৰক

► 'গুগল'ৰ ধৃষ্টতা! অসমত জাপি দিলে বাংলা ভাষা

অবুজ বালিকাক ধৰ্ষণকাৰীয়ে কেবাবাৰো ধন আৰু আন উপহাৰ প্ৰদান কৰিছিল। আনহাতে গৰ্ভধাৰণ কৰা বুলি গম পাই পাষণ্ডই কিশোৰীগৰাকীক খুৱাইছিল দৰব। যাৰ বাবে আজি নিৰ্যাতিতাই প্ৰসৱ কৰে অপৰিপক্ব ভ্ৰূণ। ইফালে কন্যাগৰাকী অচিন ৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰিছিল পৰিয়ালৰ লোকে।