26
Feb
2019
নতুন দিল্লীত প্ৰদান কৰা হ’ল গান্ধী শান্তি বঁটা

দিল্লীঃ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে প্ৰদান কৰিলে ২০১৫, ২০১৬, ২০১৭ আৰু ২০১৮ বৰ্ষৰ গান্ধী শান্তি বঁটা। আজি ৰাষ্ট্ৰপতি ভৱনৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা।
২০১৫ বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে কন্যাকুমাৰীৰ বিবেকানন্দ কেন্দ্ৰই৷ ২০১৮ বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে যোহেই চাচাকৱাই। ২০১৭ বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে একল অভিযান ট্ৰাষ্টে। ২০১৬ বৰ্ষৰ বাবে এই বঁটা যুটীয়াভাৱে লাভ কৰিছে অক্ষয় পাত্ৰ ফাউণ্ডেচন আৰু সুলভ ইন্টাৰনেশ্যনেলে।