আবু ধাবিৰ এক অনুষ্ঠানত সুষমা স্বৰাজৰ বাবে এলাগী হ’ল নেকি পাকিস্তানৰ বিদেশ মন্ত্ৰী!   

দিল্লীঃ আবু ধাবিত আজি অনুষ্ঠিত হ’য় অৰ্গেনাইজেশ্যন অৱ ইছলামিম কো-অপাৰেচনৰ বৈঠক৷ এই বৈঠকত  উপস্থিত নাই পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাজ মহম্মদ কুৰেশ্বী ।

বিশ্বৰ ৫৭ খন দেশৰে গঠিত এই মঞ্চই আয়োজন কৰা এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা নাছিল পাকিস্তানক। ইফালে, অৰ্গেনাইজেশ্যন অৱ ইছলামিম কো-অপাৰেচনৰ প্ৰতিষ্ঠাপক সদস্য আছিল পাকিস্তান।

উল্লেখযোগ্য যে, আবু ধাবিত অনুষ্ঠিত এই বৈঠকত ভাগ নোলোৱাৰ কাৰণ জনালে পাক বিদেশ মন্ত্ৰী শ্বাজ মহম্মদ কুৰেশ্বীয়ে।

কুৰেশ্বীয়ে সংবাদমাধ্যমৰ সন্মুখত কয়- ‘ মই এই বৈঠকত অংশ নোলোৱাৰ কাৰণ হ’ল এই বৈঠকত ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছে।’ লক্ষণীয়, প্ৰথমবাৰৰ বাবে ভাৰতক অৰ্গেনাইজেশ্যন অৱ ইছলামিম কো-অপাৰেচন এই বৈঠকলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।