Newsnextone | ডিজিটেল ডেস্কঃ অ’বামাৰ শাসনকালত ইৰাণৰ সৈতে স্বাক্ষৰিত হোৱা ঐতিহাসিক পাৰমাণৱিক চুক্তি প্ৰত্যাহাৰ কৰিব বৰ্তমানৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ২০১৫ চনত স্বাক্ষৰিত জইণ্ট কমপ্ৰেহেনছিভ প্লেন অব এক্সন চমুকৈ JCPOA চুক্তিৰ জৰিয়তে মধ্যপ্ৰাচ্যৰ দেশসমূহে পাৰমাণৱিক প্ৰকল্পৰ বাবে অতিকৈ প্ৰয়োজনীয় ইউৰেনিয়াম আহৰণ কৰিব পাৰিছিল। 

আমেৰিকাৰ সৈতে ইৰাণৰ এই চুক্তিক শাসনলৈ অহাৰ আগৰেপৰাই ট্ৰাম্পে কঠোৰ সমালোচনা কৰি আহিছিল।   'এয়া মই স্পষ্টভাৱে বুজিছো যে পাৰমাণৱিক বোমা তৈয়াৰ কৰাৰ ক্ষেত্ৰত আমি ইৰাণক বাধা দিব নোৱাৰোঁ’- উক্ত চুক্তিখনৰ প্ৰসংগ উল্লেখ কৰি এনেদৰে কয় ট্ৰাম্পে। 

চুক্তিখনত বুনিয়াদী আঁসোৱাহ থকা বুলি অভিযোগ তোলা ট্ৰাম্পে মঙলবাৰে চুক্তিখন নাকচ কৰে। এনে নকৰা হ’লে তাৰ পৰিণাম ভয়াৱহ হ’ব পাৰে বুলি ভৱিষ্যত আশংকা ব্যক্ত কৰি ট্ৰাম্পে কয় যে বিশ্বৰ সন্ত্ৰাসবাদৰ ইন্ধন যোগোৱা দেশখনক এনেদৰে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰৰ কেঁচামালৰ গৰাকী হোৱাটো কোনোপধ্যে চাই থাকিব নোৱাৰি।