ডিজিটেল ডেস্কঃ প্রায় এক দশক ধৰি যি গৰাকী মহিলাই মন্দিৰৰ সমুখত হাত পাতি ভিক্ষা খুজিছিল, মঙলবাৰে পুৱা সেই মন্দিৰটোৰে উন্নয়ণৰ বাবে দান কৰিলে টকা কেইটা। ভিক্ষা খুজি পোৱা ২ লাখ ৫০ হাজাৰ টকা দান কৰিলে এগৰাকী বৃদ্ধাই৷ ৮৫ বছৰীয়া ভিক্ষাৰী মহিলাগাৰীকৰ এই কাণ্ডত আঁচৰিত হৈ পৰে৷

এসময়ত দক্ষিণ ভাৰতৰ মাইচুৰুত ভায়েক আৰু ভাইবোৱাৰীৰ লগত আছিল সীতালক্ষ্মী নামৰ বৃদ্ধাগৰাকী। কিন্তু দিন যোৱাৰ লগে লগে ভায়েকহঁতৰ বাবে গলগ্রহ হৈ পৰে সীতালক্ষ্মী। প্ৰথমতে লোকৰ ঘৰত কাম কৰিবলৈ আৰম্ভ কৰে, কিন্তু পিছলৈ বয়স আৰু শৰীৰে লগ নিদিয়াত বাধ্য হৈ ভন্টিকোপ্পাল প্রসন্ন অঞ্জনেয় স্বামীৰ মন্দিৰৰ সমুখত বহি ভিক্ষা খুজিবলৈ আৰম্ভ কৰে।

এনেদৰেই ভিক্ষা খুজি কটায় প্রায় এটা দশক। মঙলবাৰে সেই সীতালক্ষ্মীয়ে তেওঁৰ অর্জিত সমুহ টকা হনুমান জয়ন্তীত প্রতি বছৰে ভক্তৰ বাবে প্রসাদ বিতৰণ আৰু অন্যান্য উন্নতিৰ কামৰ বাবে মন্দিৰ কর্তৃপক্ষক ২.৫ লাখ টকা দান কৰে।

কথা সন্দৰ্ভত সীতালক্ষ্মীয়ে জনায় যে, ঈশ্বৰেই তেওঁৰ বাবে সকলো, লগতে মন্দিৰ কর্তৃপক্ষই খুবেই ভালদৰে চোৱাচিতা কৰে তেওঁক। সেই কাৰণেই তেওঁৰ সকলো টকা দান কৰাৰ সিদ্ধান্ত লয়।

মন্দিৰ পৰিচালনা সমিটিৰ সম্পাদক এম বাসবৰাজে কয় যে, ‘সীতালক্ষ্মীয়ে কেতিয়াও কোনো ভক্তৰ পৰা টকা কাঢ়ি লোৱা নাছিল, বা কোনো খাটিৰ ধৰা নাছিল৷ যিয়ে যি দিছিল সেইয়ে ভক্তি সহকাৰে গ্ৰহন কৰিছিল৷’ সীতালক্ষ্মীৰ এই পূণ্য কামত প্ৰসংশাৰে স্থানিয় বিধায়কেও তেওঁক সম্বর্ধনা জনায়৷