ডিজিটেল ডেক্সঃ পাটনাৰ লগতে বিহাৰৰ কেইবাখনো জিলাত ভূমিকম্পৰ জোঁকাৰণিয়ে ইতিমধ্যে সকলোকে কপাঁই তোলাৰ বিষয়ে প্ৰকাশ পাইছে৷ বতৰ বিজ্ঞানীৰ মতে পুৱাৰ ১০.২২ মান বজাত ভূঁমিকম্পই বিহাৰৰ লগতে অসম, জম্মু-কাশ্মীৰ, হাৰিয়ানাকো জোঁকাৰি যায়৷ উল্লেখযোগ্য যে বিহাৰৰ পূৰ্ণিয়া, অৰৰিয়া মধেপুৰা আৰু খগড়িয়া নামৰ জিলাত ভূমিকম্পৰ অনুভৱ কৰা গ’ল৷ আনহাতে পশ্চিম বেংগল তথা অসমৰ বিভিন্ন ঠাইত ভূঁমিকম্পৰ জোকাৰণিৰ অনুভৱ কৰিলে সকলোৱে৷ বেংগলত ২০ ছেকেণ্ড, অসমত ১৫ ছেকেণ্ড সময়লৈকে পৃথিৱীয়ে ভূমিকম্পৰ জোকাৰণি বহন কৰে৷ অসমত ৰিখতাৰ স্কেল অনুসৰি ৫.৫ মান লৈকে জোকাৰণি হোাৱ বুলি বতৰ বিজ্ঞানীয়ে প্ৰকাশ কৰে৷