ডিজিটেল ডেস্কঃ শতাধিক বছৰীয়া মামি উদ্ধাৰ হৈছে ইজিপ্তত৷ ইজিপ্ত বুলিলেই মানুহৰ মনলৈ আহে মামিৰ কথা৷ দেশখনৰ বুৰঞ্জীৰ লগত ওতপ্ৰোত সম্পৰ্ক মামিৰ৷ চলচিত্ৰত দেখুৱাৰ দৰেই মামিয়ে সদায় ৰহস্যৰ সৃষ্টি কৰিছে মানুহৰ মনত৷

যুগে যুগে মামি হৈ আহিছে কৌতুহল আৰু বিস্ময়ৰ প্ৰতীক৷ মামিৰ প্ৰতি থকা এই কৌতুহলৰ বাবেই ইজিপ্তৰ গৱেষকসকলৰ বাবে গৱেষণাৰ বিষয় হৈ আহিছে মামি ৷

তেনে এক গৱেষণাতে দেশখনৰ প্ৰত্নতাত্ত্বিক গোট এটাই দক্ষিণ ইজিপ্তত উদ্ধাৰ কৰিছে ৮ টা মামি ৷  ৩,৫০০ বছৰ পুৰণি দুটা সমাধি ক্ষেত্ৰত খনন কৰোতে উক্ত মামিকেইটাৰ লগতে ১০ টা কবৰ আৰু কেইবাটাও মুৰ্তি উদ্ধাৰ কৰিছে গোটটোৱে৷

মঙলবাৰে দেশখনৰ পুৰাতত্ব মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য৷ ধ্বংসাৱশেষৰ মাজত খনন কাৰ্য পুৰ্ণোদ্যমে চলাইছে গোটটোৱে৷ উদ্ধাৰ হোৱা কবৰসমুহ অক্ষত অৱস্থাত আছে বুলি প্ৰকাশ কৰিছে মন্ত্ৰালয়ে৷