বোকাজানঃ এইবাৰ যেন প্ৰতিশ্ৰুতিৰ হে নিৰ্বাচন৷ প্ৰতিশ্ৰুতি দিয়াত কোনো দল পিছ পৰি থকা নাই৷ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত অগপ, কংগ্ৰেছ লগতে বিজেপিয়ো পিছ পৰি থকা নাই৷ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী৷ বিভিন্ন ৰাজনৈতিক দলৰ হেভিৱেট নেতাই জিলাখনত নিৰ্বাচনী প্ৰচাৰত নামি পৰাৰ লগতে আজি বিজেপিৰ দলীয় প্ৰাৰ্থীৰহৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বোকাজানত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷

বোকাজান নগৰস্থিত বিলাতী মাটি কাৰখানাৰ খেলপথাৰত অনুষ্ঠিত হোৱা বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত বোকাজান, বৰজান, সৰুপথাৰ আৰু দেওপানী পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ক্ৰমে মাধুৰ্য্য ঢেকিয়াল ফুকন, লংকি টিমুং, জগত সিং ইংতি আৰু মুকুট মহন্তৰ হৈ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই৷

পাঁচ সহস্ৰাধিক জনতাৰ উপস্থিতিত বিজেপিৰ কৃষাণ মৰ্চাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক ধৰ্মেন্দ কৌশিকে আতঁধৰা নিৰ্বাচনী সভাত ৰাজ্যিক বিজেপিৰ উপ-সভাপতি লংকি ফাংচ’, যুটীয়া সাংগঠিনক সম্পাদক ক্ৰমে অজয় কোঁৱৰ, বিজেপি নেতা ফণী শৰ্মা, চাহ মৰ্চাৰ সম্পাদক প্ৰহ্লাদ গোৱালা, বোকাজান, লাহোৱাল আৰু বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক ক্ৰমে নোমল ম’মিন, ৰিটুৰ্পণ বৰা আৰু গনেশ লিম্বুৰ উপৰিও বহু জ্যেষ্ঠ বিজেপি নেতাই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে৷

সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰচুৰ প্ৰাকৃতিক সম্পদেৰে ভৰপুৰ সম্ভাৱনাময় পৰ্যটন ক্ষেত্ৰ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰে বাৰেবৰণীয়া সংস্কৃতি থকা জিলাখনৰ প্ৰতি কাৰ্বি জিলা পৰিষদৰ গঠন হোৱাৰে পাছৰে পৰা অৰ্থাৎ ৬৫ বছৰে কংগ্ৰেছ আৰু এইছএছডিচিয়ে শাসন কৰি জিলাখনক একোৱেই প্ৰদান নকৰিলে বুলি কয়৷ কেৱল পাহাৰৰ জনতাৰ উন্নয়নৰ বাবে অহা ধন শৰাধ কৰি জিলাখনৰ প্ৰতি চৰম অন্যায় প্ৰদৰ্শন কৰিলে কংগ্ৰেছে৷

পোন প্ৰথমবাৰৰ বাবে বিজেপিয়ে পৰিষদ দখল কৰিব পাৰিলে কাৰ্বি আংলং জিলাক জাকত জিলিকা কৰি দেশৰ ভিতৰত আগশাৰীৰ জিলালৈ ৰূপান্তৰিত কৰিম৷ দিল্লী-দিছপুৰৰ পৰা উন্নয়নৰ বাবে অহা প্ৰতিটো টকাই যাতে কাৰ্বি আংলঙৰ ৰাইজৰ স্বাৰ্থত খৰচ হয়, তাৰ বাবে বিজেপি সজাগ হৈ থাকিব৷ কাৰ্বি আংলংত প্ৰতিটো জাতি জনগোষ্ঠীৰ শান্তি-সম্প্ৰীতি আৰু নিৰাপত্তা সু-নিশ্চিত কৰাই বিজেপিৰ লক্ষ্য৷ লগতে কংগ্ৰেছৰ আমোলত সংগঠিত হোৱা দুৰ্নীতিৰো তদন্ত কৰিব বুলি ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

ইতিমধ্যে কাৰ্বি আংলংৰ বাট-পথ, জনস্বাস্থ্য, মেডিকেল কলেজ, চিকিৎসালয়, বিশুদ্ধ খোৱাপানী আৰু বিভিন্ন আঁচনিৰ বাবে এহেজাৰ কৌটি টকাৰ পুঁজি দিয়া হৈছে বুলি কয় মুখ্যমন্ত্ৰী সোণোৱালে৷ নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাৰ বাবে কম সুতত ঋণ, মহিলা গোট সমূহক বিশ হেজাৰকৈ টকা দিয়াৰ কথা ঘোষণা কৰাৰ লগতে জিলাখনৰ সকলো জাতি-জনগোষ্ঠীৰ সম বিকাশ আৰু সম উন্নয়নত গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰি বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিওটা পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মুখ্যমন্ত্ৰী সোণোৱালে কাৰ্বি আংলঙৰ ৰাইজক বহু প্ৰতিশ্ৰুতি দিছে যদিও কিমান প্ৰতিশ্ৰুতি পালন কৰিব সেয়া সময়েহে কব৷