ডিফুঃ আজি কাৰ্বি পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা ডিফু চহৰত বিজেপিৰ ১৮নং লুম্বাজং প্ৰাৰ্থী তথা জিলা বিজেপিৰ সভাপতি ৰতন টেৰণে ব্যাপক প্ৰচাৰ চলায়৷ পোন প্ৰথম বাৰৰ বাবে গেৰুৱা দল বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতাৰে দ্বাদশ কাৰ্বি পৰিষদ দখল কৰাৰ লক্ষ্যৰে পাহাৰীয়া জিলাখনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি কেইবাজনো শীৰ্ষ নেতাই জিলাখনত বাহৰ পাতি প্ৰচাৰ চলায়৷

বিজেপিৰ নেতা সকলে পূৱ আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ গাঁৱে-ভুঞে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি বিভিন্ন জন কল্যান মূলক আঁচনি আৰু জিলাখনক দেশৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জিলা ৰূপে গঢ়ি তোলাৰ লগতে সকলো জাতি জনগোষ্ঠীৰ সম ঊন্নয়ন আৰু সম বিকাশ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছ দলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, ৰিপুণ বৰাকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতাই সু-শাসনৰ নামত বিজেপিয়ে কৰা ভেকোঁ- ভাওনা, প্ৰতাৰণা,আৰু দৰিদ্ৰৰ ছান কাঢ়ি বহুজাতিক কোম্পানী লগতে পুঁজীবাদীক সন্তুষ্ট কৰা বিজেপিৰ উদ্দেশ্য ৰাইজে বুজি উঠিছে বুলি ৰাইজৰ মাজত ব্যাপক প্ৰচাৰ চলাই পৰিষদ দখল চেষ্টা চলায়৷

আঞ্চলিক ৰাজনৈতিক দল অগপই পৰিষদ দখল কৰিবলৈ সক্ষম হ'লে উন্নয়নৰ অভিলেখ গঢ়িব বুলি সভাপতি অতুল বৰাই ঘোষনা কৰে৷ আনহাতে স্বায়ত্ত ৰাজ্যৰ সপোন আৰু এএছডিচিৰ শাসন কালত উঠি অহা উন্নয়ণ পুণৰ ত্বৰান্বিত কৰি এখন সবল আৰু অধিক ক্ষমতা সম্পন্ন পৰিষদ দখল কৰাৰ লগতে অইন দলৰ দৰে মুকলিকৈ প্ৰচাৰ অভিযানত অৱতীৰ্ণ নহৈ দুৱাৰে দুৱাৰে প্ৰচাৰ অভিযান চলাই এইছএছডিচিক ভোট দিবলৈ ৰাইজক আহ্বান কৰি আহিছে৷

আনহাতে বিজেপি দলৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ কাৰ্বি আংলং ডেমক্ৰেটিক ফ্ৰণ্ট গঠন কৰি একাংশ বিজেপিৰ বিসম্বাদী নেতা আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে বিজেপিৰ নিৰ্বাচনী অংকত আউল লগাব পাৰে বুলি  চৰ্চিত হৈছে ৷ ২৬টা পৰিষদীয় সমষ্টিৰ ভিতৰত ১৮নং লুম্বাজং পৰিষদীয় সমষ্টিৰ বিজেপিৰ জ্যেষ্ঠ নেতা কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰতন টেৰণৰ কেইবাখনো প্ৰচাৰ সভাত কেইবা শতাধিক কংগ্ৰেছ, এইছএছডিচি আৰু নিৰ্দলীয় দলৰ সমৰ্থিত কৰ্মী সমৰ্থকে নিৰ্বাচনৰ প্ৰাক মূহূৰ্তত বিজেপিত যোগদান কৰি ৰতন টেৰণলৈ সমৰ্থন আগবঢ়োৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷

আজিৰ অন্তিম দিনৰ প্ৰচাৰ অভিযান স্বৰূপে ৰতন টেৰণৰ সমৰ্থনত তিনি শতাধিক যুৱকে বাইক ৰেলী উলিযায় ডিমাছী ক্লাৱত শতাধিকে বিজেপিত যোগ দিয়ে৷ সন্ধিয়া ডিফু চহৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰৰ ষ্ট্ৰীট কৰ্ণাৰ সভাত ৰাতুল টেৰণ ডিফু-লুম্বাজঙৰ বাট- -পথ, ড্ৰেইন, বিশুদ্ধ খোৱা পানী, স্বাস্থ্য, শিক্ষা আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি পদুম ফুলৰ ছবিত তেওক ছাপ মাৰি ভোট দিবলৈ অনুৰোধ জনায়৷ তেওৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী এজনক বিত্তীয় সাহায্য দি সহায় কৰা লোকৰ কথা নাম নধৰাকৈ অভিযোগ কৰে৷ সভাত মুখ্য অতিথি ৰূপে থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী আৰু জনপ্ৰিয় কণ্ঠ শিল্পী কৃষ্ণ মনি চুতিয়া উপস্থিত থাকে৷