![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/electoral%20bond_1.jpg?itok=mcYYFzut)
লোকসভা নিৰ্বাচনৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত প্ৰকাশিত নিৰ্বাচনী বণ্ডৰ তথ্যই এতিয়া সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহে লাভ কৰা অনুদানৰ পৰিমাণ আৰু এই চান্দা প্ৰদান কৰা ব্যক্তি আৰু কোম্পানীৰ নামৰ তালিকাই ৰাজনৈতিক মহলতো লাভ কৰিছে চৰ্চা। ষ্টেট বেংক অৱ ইণ্ডিয়াই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি নিৰ্বাচন আয়োগক দাখিল কৰিছিল নিৰ্বাচনী বণ্ডৰ তথ্য। ইয়াৰ পিছতে ১৪ মাৰ্চ অৰ্থাৎ বৃহস্পতিবাৰৰ সন্ধিয়াৰ পূৰ্বে এই তথ্য নিজৰ ৱেবচাইটযোগে ৰাজহুৱা কৰে নিৰ্বাচন আয়োগে।
আয়োগে তথ্য ৰাজহুৱা কৰাৰ পিছতে নিৰ্বাচনী বণ্ডৰ জৰিয়তে চান্দা লাভ কৰা সবাতোকৈ বৃহৎ দল হিচাপে পৰিগণিত হৈছে শাসকীয় বিজেপি। অৱশ্যে এছবিআই আৰু নিৰ্বাচন আয়োগে এতিয়ালৈকে প্ৰকাশ কৰিছে কেৱল ২০১৯ৰ পৰা ২০২৪ চনলৈ বণ্ডৰ তথ্য। তাকো আধৰুৱাকৈ প্ৰকাশ কৰা হৈছে এই বণ্ডৰ তথ্য। এছবিআইয়ে কোনে কেতিয়া বণ্ড ক্ৰয় কৰিছিল আৰু কোন দলে কিমান টকাৰ চান্দা লাভ কৰিছিল সেই তথ্য ৰাজহুৱা কৰিলেও কোনে কোনটো দলক চান্দা আগবঢ়াইছিল সেই তথ্য মুকলি কৰা নাই। আনহাতে মোদী চৰকাৰে ২০১৭ চনত নিৰ্বাচনী বণ্ড প্ৰযোজ্য কৰিছিল যদিও ২০১৭-১৮ বৰ্ষৰ তথ্য মুকলি কৰাৰ পৰা বিৰত থকা দেখা গৈছে এছবিআই আৰু নিৰ্বাচন আয়োগক।
এনে কাৰণতে আজি পুনৰ এবাৰ উচ্চতম ন্যায়ালয়ত ককৰ্থনাৰো সন্মুখীন হ’বলগীয়া হয় ষ্টেট বেংক অৱ ইণ্ডিয়া। এছবিআইৰ অসামাঞ্জস্যপূৰ্ণ তথ্য প্ৰকাশৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নিৰাশা ব্যক্ত কৰি কয়, “আমি নিৰ্বাচনী বণ্ডৰ সৈতে জড়িত সকলো গুৰুত্বপূৰ্ণ তথ্য ৰাজহুৱা কৰিবলৈ কৈছিলোঁ। ইয়াৰ ভিতৰত বণ্ডৰ ক্ৰেতা, বণ্ডৰ পৰিমাণ আৰু ক্ৰয়ৰ তাৰিখ সকলো অন্তৰ্ভূক্ত। আপুনি বণ্ডৰ ছিৰিয়েল নম্বৰৰ কথা কোৱা নাই। আমাৰ সিদ্ধান্তত আমি সকলো তথ্য ৰাজহুৱা কৰিবলৈ কৈছিলো।”
কোনে কিমান পালে চান্দা, কোনে দিলে কিমান?
২০১৯ চনৰ পৰা ২০২৪ চনলৈ নিৰ্বাচনী বণ্ডৰ ৰাজহুৱা তথ্য অনুসৰি বিগত ৫ বছৰত ১৩৩৪ টা কোম্পানী আৰু ব্যক্তিয়ে এছবিআইৰ নিৰ্দিষ্ট শাখাৰ পৰা ক্ৰয় কৰিছিল ১৬,৫১৮ কোটি টকাৰ বণ্ড। সমগ্ৰ দেশৰ ২৭টা ৰাজনৈতিক দললৈ এই চান্দা আগবঢ়োৱা হৈছে। আনহাতে বিভিন্ন কোম্পানী, প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে বণ্ডৰ জৰিয়তে প্ৰদান কৰা চান্দাৰ অধিক খিনি লাভ কৰিছে শাসকীয় বিজেপিয়ে। নিৰ্বাচনী বণ্ডৰ জৰিয়তে চান্দা লাভ কৰা শীৰ্ষ ১০টা ৰাজনৈতিক দলৰ ভিতৰত অকলেই বিজেপিয়ে লাভ কৰিছে ৬০৬০ কোটি টকাৰ চান্দা। ইয়াৰ বিপৰীতে ১৬০৯ কোটি টকাৰ চান্দা লাভ কৰি এই তালিকাৰ দ্বিতীয় স্থানত আছে পশ্চিম বংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছ। কংগ্ৰেছে লাভ কৰিছে ১৪২১ কোটি টকাৰ বণ্ড। একেদৰে বিআৰএছে ১২১৪ কোটি টকা, বিজেডিয়ে ৭৭৫ কোটি টকা, ডিএমকেয়ে ৬৩৯ কোটি টকা, ৱাই এছ আৰ কংগ্ৰেছে ৩৩৭ কোটি টকা, টিডিপি ২১৮ কোটি, শিৱসেনাই ১৫৮ কোটি আৰু আৰ জেডিয়ে ৭২.৫০ কোটি টকা লাভ কৰিছে।
আনহাতে এছ বি আইৰ পৰা ১৩৬৮ কোটি টকাৰ বণ্ড ক্ৰয় কৰি ৰাজনৈতিক দলক চান্দা প্ৰদান কৰা দাতাৰ শীৰ্ষস্থান দখল ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিচেছ নামৰ এটা কোম্পানী। শীৰ্ষ ১০ গৰাকী দাতাৰ তালিকাৰ দ্বিতীয়তে আছে মেঘা ইঞ্জিনিয়াৰিং। নিৰ্মাণ খণ্ডৰ সৈতে জড়িত এই কোম্পানীটোৱে বিগত ৫ বছৰত ক্ৰয় কৰে ৯৮০ কোটি টকাৰ বণ্ড। আনহাতে এই তালিকাৰ শীৰ্ষত থকা আন দাতাসকল হৈছে ক্ৰমে কুইক চাপ্লাই চেন (চান্দা-৪১০ কোটি), বেদান্তা লিমিলেড (চান্দা- ৪০০ কোটি), হল্দিয়া এনাৰ্জি (চান্দা- ৩৭৭ কোটি), ভাৰতী গ্ৰুপ চান্দা- ২৪৭ কোটি),এক্সেল মাইনিং (চান্দা- ২২৪ কোটি), ৱেষ্টাৰ্ণ ইউ পি পাৱাৰ ট্ৰেন্সমিছন কোম্পানী লিমিটেড (চান্দা- ২২০ কোটি), কেৱেনটৰ ফুড পাৰ্ক (চান্দা- ১৯৪ কোটি) আৰু মদনলাল লিমিলেড (চান্দা- ১৮৫ কোটি)।
উল্লেখ্যে যে, ৰাজনৈতিক দলক চান্দা প্ৰদান কৰা অধিকাংশ কোম্পানী আৰু প্ৰতিষ্ঠানেই কেন্দ্ৰৰ শাসকীয় বিজেপিকে চান্দা প্ৰদান কৰা বুলি বিশ্লেষকসকলে অনুমান কৰিছে। বণ্ডৰ জৰিয়তে চান্দা প্ৰদান আৰু চৰকাৰৰ পৰা কোম্পানীসমূহে সহযোগিতা লাভ কৰা সময়ৰ এক ‘পেটাৰ্ণ’ও বহুতে বিচাৰি উলিয়াইছে। অনেকেই দাবী কৰিছে যে, বিজেপিয়ে কোম্পানী আৰু প্ৰতিষ্ঠানসমূহক বিভিন্ন সুবিধা প্ৰদান কৰি বিনিময়ত তেওঁলোকৰ পৰা চান্দা লৈ আহিছে। আনহাতে একাধিক কোম্পানী আৰু প্ৰতিষ্ঠানৰ ওপৰত ইডি, চিবিআই, আয়কৰ বিভাগৰ দৰে সংস্থাৰ জৰিয়তে অভিযান চলাই চান্দা দিবলৈ বাধ্য কৰাই অহা বুলিও বহুতে দাবী কৰি আহিছে।
এহাতেৰে দিয়া, এহাতেৰে লোৱা! এয়াই মোদীৰ ভালপোৱা...
একাংশই ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি মন্তব্য কৰিছে যে নিৰ্বাচনী বণ্ডৰ জৰিয়তেই মোদীৰ পুঁজিপতি বন্ধুৰ প্ৰতি থকা ভালপোৱাৰ বহিঃপ্ৰকাশ ঘটিছে। জনতাক দুৰ্নীতি মুক্ত ভাৰতৰ সপোন দেখুওৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে খোদ নিৰ্বাচনী বণ্ডৰ জৰিয়তে বৃহৎ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাই মোদী চৰকাৰে নিজৰ পুঁজিপতি বন্ধুৰ পৰা বণ্ডৰ জৰিয়তে চান্দা লৈ বিনিময়ত চৰকাৰৰ সমৰ্থন আগবঢ়াই অহা বুলি একাংশই সন্দেহ ব্যক্ত কৰিছে।
উল্লেখ্যে যে, নিৰ্বাচনী বণ্ড মুকলি কৰাৰ পিছৰে পৰা বৰ্তমানলৈকে মুঠ ২২,২১৭টা বণ্ড বিক্ৰী কৰিছিল এছ বি আইয়ে। কিন্তু বিৰোধীয়ে এতিয়া অভিযোগ কৰিছে যে এই প্ৰতিটো বণ্ডৰ আঁৰতে লুকাই আছে একো একোটা কেলেংকাৰী। বহু কোম্পানীৰ সৈতে মোদী চৰকাৰৰ ‘দিয়া আৰু লোৱা’ নীতি প্ৰযোজ্য হৈ থকা বুলিও বিৰোধীয়ে দাবী কৰিছে।
নিৰ্বাচনী বণ্ডৰ তথ্য নিৰ্বাচন আয়োগে ৰাজহুৱা কৰাৰ পিছত কেইটামান কোম্পানীয়ে ক্ৰয় কৰা বণ্ড আৰু আৰু চৰকাৰৰ পৰা লাভ কৰা সমৰ্থন উন্মুক্ত কৰে কংগ্ৰেছে। উল্লেখ্য যে, বৰ্তমানলৈকে প্ৰকাশিত তথ্য অনুসৰি, ১৩৬৮ কোটি টকাৰ বণ্ড ক্ৰয় কৰি দাতাৰ শীৰ্ষত থকা ফিউচাৰ গেমিং এণ্ড হোটেলৰ বিৰুদ্ধে একাধিকবাৰ উত্থাপন হৈছিল মানি লণ্ডাৰিং, অবৈধ সম্পত্তিৰ অভিযোগ। এই অভিযোগক কেইবাবাবাৰো চলিছিল কেন্দ্ৰীয় সংস্থাৰ অভিযানো। শেহতীয়াকা ২০২২ৰ ২ এপ্ৰিলত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে কোম্পানীটোৰ ৪০৯ কোটি টকাৰ সম্পত্তি সংলগ্ন কৰিছিল। আৰু ঠিক ইয়াৰ পিছতে ইডিৰ অভিযানৰ মাত্ৰ ৪ দিন পিছত অৰ্থাত্ ৭ এপ্ৰিলত কোম্পানীটোৱে ১০০ কোটি টকাৰ নিৰ্বাচনী বণ্ড ক্ৰয় কৰি ৰাজনৈতিক দলক অনুদান আগবঢ়ায়। আৰু ইয়াৰ পিছতে ৰহস্যজনকভাৱে বন্ধ হৈ পৰে ইডিৰ অভিযান।
কয়ম্বাতুৰস্থিত ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিছেচৰ মুৰব্বী হৈছে লটাৰী কিং হিচাপে জনাজাত চেণ্টিয়াগ’ মাৰ্টিন। ১৯৯১ চনত আৰম্ভ কৰা এই কোম্পানীটো হৈছে ভাৰতৰ প্ৰথমটো লটাৰী কোম্পানী, যিয়ে বিভিন্ন চৰকাৰে তেওঁলোকৰ জৰিয়তে বিতৰণ কৰা লটাৰীৰ বাবে কৰা ড্ৰ’ৰ লাইভ টেলিকাষ্টৰ সুবিধা প্ৰদান কৰিছিল। ২০১৯ চনৰ ২৩ জুলাইত ইডিয়ে ধন সৰবৰাহৰ অভিযোগত ২৫০ কোটি টকা মূল্যৰ সম্পত্তি সংলগ্ন কৰিছিল। ইয়াৰ পিছতে একেটা বছৰত আয়কৰ বিভাগে সমগ্ৰ ভাৰততে থকা চেণ্টিয়াগ’ মাৰ্টিনৰ সৈতে জড়িত ৭০টা চৌহদত অভিযান চলাইছিল।
২০২২ চনৰ ২ এপ্ৰিলত তদন্তকাৰী সংস্থাটোৱে এই গোচৰত ৪০৯.৯২ কোটি টকাৰ স্থাৱৰ সম্পত্তি সংলগ্ন কৰিছিল। পাঁচ দিনৰ পাছত ফিউচাৰ গেমিংয়ে ১০০ কোটি টকাৰ ইলেক্টৰেল বণ্ড ক্ৰয় কৰাৰ পিছতে ৰহস্যজনকভাৱে বন্ধ হৈ পৰে এই কোম্পানীটোৰ বিৰুদ্ধে চলি থকা তদন্তকাৰী সংস্থাৰ অভিযান।
এনে এটা কোম্পানীয়ে ১৩৬৮ কোটি টকাৰ চান্দা আগবঢ়োৱাক লৈ বিৰোধীয়ে প্ৰশ্নৰ উত্থাপন কৰিছে। কাক এই চান্দা জুৱা কোম্পানীটোৱে প্ৰদান কৰিছে তাক লৈও আৰম্ভ হৈছে জল্পনা কল্পনাৰ। বিশ্লেষকলসকলে অনুমান আগবঢ়াইছে যে এই অনুদান ফিউচাৰ গেমিঙে তদন্তৰ পৰা হাত সাৰিবলৈ বিজেপিকে প্ৰদান কৰিছে। উল্লেখ্যে যে, লটাৰী কিং চেণ্টিয়াগ’ মাৰ্টিনৰ জ্যেষ্ঠ পুত্ৰ চাৰ্লছ জ’ছ মাৰ্টিনে ২০১৫ চনত বিজেপিত যোগদান কৰিছিল।
ইফালে ফিউচাৰ গেমিঙৰ পিছত দ্বিতীয় সৰ্বাধিক বণ্ড ক্ৰয় কৰা কোম্পানীটো হৈছে মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰছ লিমিটেড (এমইআইএল)। হায়দৰাবাদস্থিত এই কোম্পানীটোৱে ক্ৰয় কৰিছিল ১০০০ কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি, ২০১৯ চনৰ অক্টোবৰ মাহত আয়কৰ বিভাগে কোম্পানীটোৰ মেঘা ইঞ্জিনিয়াৰিঙৰ কাৰ্যালয়ত অভিযান চলাইছিল। ইয়াৰ পিছত ইডিয়েও কোম্পানীটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে। উল্লেখযোগ্য যে ২০১৯ চনৰ ১২ এপ্ৰিলত মেঘা ইঞ্জিনিয়াৰিঙে ৫০ কোটি টকাৰ নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল।
১৯৮৯ চনত স্থাপিত হৈছিল মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ লিমিটেড। এছ’চিয়েটেড ব্ৰডকাষ্টিং কোম্পানী প্ৰাইভেট লিমিটেডকো নিয়ন্ত্ৰণ কৰা এই কোম্পানীটোৰ মুৰব্বী হৈছে পি পিটছি ৰেড্ডী। বাতৰি অনুসৰি, দেশৰ ধনাঢ্য ব্যক্তিসকলৰ ভিতৰত এজন পি পিটছি ৰেড্ডীৰ সম্পত্তিৰ পৰিমাণ যোৱা এটা বছৰত বৃদ্ধি পাইছে ২৪,৭০০ কোটি টকা। শেহতীয়াকৈ শ্ৰীনগৰৰ পৰা লাডাখৰ সৈতে সংযোগ কৰা জোজি লা সুৰংগ নিৰ্মাণ সম্পন্ন কৰা এই কোম্পানীটোৱে ২০২৩ চনৰ এপ্ৰিল মাহতো কেইবা কোটি টকাৰ নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল। আৰু ইয়াৰ পিছতে একেটা বছৰৰ মে’ মাহত মেঘা ইঞ্জিনিয়াৰিঙে ১৪,৪০০ কোটি টকাৰ প্ৰকল্পৰ ঠিকা লাভ কৰিবলৈ সক্ষম হয়। সেয়া এতিয়া আঁত বিচাৰি বিৰোধীয়ে প্ৰশ্ন কৰিছে, চান্দা প্ৰদান কৰি কাৰ আস্থা লাভ কৰি এই কোম্পানীটোৱে ১৪ হাজাৰ কোটি টকীয়া প্ৰকল্প লাভ কৰিবলৈ সক্ষম হ’ল?
৫২ কোটি টকা চান্দা দি ক’ভিড ভেকচিন নিৰ্মাণ ছিৰাম ইনষ্টিটিউটৰ, হাৰ্ট এটেকৰ কাৰণ!
কোভিড মহামাৰীৰ পৰৱৰ্তী সময়ত ক’ভিড ভেকচিন লোৱাটো চৰকাৰৰ দ্বাৰা বাধ্যতামূলক কৰা হৈছিল। ৰাজহুৱা অনুষ্ঠান, জনসভা, ৰে’ল ষ্টেচন, বিমান বন্দৰ আদি সকলোতে দেখুৱাবলগীয়া হৈছিল ক’ভিড ভেকচিন লোৱাৰ প্ৰমাণপত্ৰ। ভাৰততে ক’ভিড ভেকচিন নিৰ্মাণ কৰি নিজেই বাহ বাহ লোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰে এই কোভিশ্বিল্ড ভেকচিন নিৰ্মাণ কৰাৰ দায়িত্ব দিছিল ছিৰাম ইনষ্টিটিউটক। কিন্তু এতিয়া নিৰ্বাচনী বণ্ডৰ তথ্য ৰাজহুৱা হোৱাৰ পিছতে বিজেপি চৰকাৰে লোৱা কৃতিত্ব, কোভিশ্বিল্ডৰ ছাইড এফেক্ট আৰু এই ভেকচিন প্ৰস্তুত কৰা ছিৰাম ইনষ্টিটিউটৰ স্থিতিক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে। কিয়নো ক’ভিড মহামাৰীৰ পৰৱৰ্তী পৰ্যায়তে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলক ৫২ কোটি টকাৰ চান্দা আগবঢ়াইছিল ছিৰাম ইনষ্টিটিউটে।
২০২১ চনৰ ১৬ জানুৱাৰীত ছিৰাম ইনষ্টিটিউটে মুকলি কৰিছিল কোভিশ্বিল্ড ভেকচিন। অনুমান অনুসৰি, এই ভেকচিন বিশ্বৰ কেইবাখনো দেশলৈ প্ৰেৰণ কৰি প্ৰায় ৩ বিলিয়ন ডলাৰ উপাৰ্জন কৰে ভাৰতীয় কোম্পানীটোৱে। ২০২২ চনৰ ১৮ আগষ্টত ছিৰাম ইনষ্টিটিউটৰ স্বত্বাধিকাৰী আদৰ পুনাৱালাই এদিনতে ৫২ কোটিৰ নিৰ্বাচনী বণ্ড ক্ৰয় কৰি অনুদান আগবঢ়ায়। ইয়াৰ পিছতে ২২ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাসগৃহত পুনাৱালাক সাক্ষাৎ কৰে। বণ্ডৰ তথ্য ৰাজহুৱা হোৱাৰ পিছত ছিৰাম ইনষ্টিটিউটক ক’ভিড ভেকচিন নিৰ্মাণৰ দায়িত্ব আৰু প্ৰধানমন্ত্ৰীৰ সাক্ষাতৰ মাজত যোগসূত্ৰৰ সন্ধান কৰা হৈছে।
দাবী কৰা মতে, কোভিশ্বিল্ডৰ তৃতীয়টো পৰীক্ষা সম্পন্ন নকৰাকৈয়ে তাক বজাৰত মুকলি কৰি দিয়া হৈছে। শেহতীয়াকৈ সমগ্ৰ দেশত বৃদ্ধি পোৱা আকস্মিক মৃত্যু এই ভেকচিনৰ কাৰণেই হোৱা বুলিও অনেকে সন্দেহ প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল নিজৰ মুনাফাৰ স্বাৰ্থত কোভিড ভেকচিন ল’বলৈ জনতাক বাধ্য কৰোৱা বুলিও বহুতে দাবী কৰিছে এতিয়া।
পুঁজিপতিৰ মূৰৰ ওপৰত মোদীৰ হাত!
মুঠতে সদ্য প্ৰকাশিত নিৰ্বাচনী বণ্ডৰ তথ্যই এই কথা প্ৰমাণ কৰিছে যে অধিকাংশ কোম্পানীয়ে কোনো নহয় কোনো স্বাৰ্থৰ বাবেই নিৰ্বাচনী বণ্ডৰ জৰিয়তে চান্দা আগবঢ়াইছে। বণ্ডৰ তথ্যত কোনে কাক অনুদান দিছে সেই কথা উল্লেখ নাই যদিও কোম্পানীসমূহে কাক চান্দা দিয়ে সুবিধা লাভ কৰিব পাৰে, সেয়া সহজেই অনুময়ে। খনন কাৰ্যৰ সৈতে জড়িত কোম্পানী বেদান্তই ২০২১ চনৰ ৩ মাৰ্চত ৰাধিকাপুৰ পশ্চিমৰ ব্যক্তিগত কয়লা খনিটো চৰকাৰৰ পৰা লাভ কৰিছিল। আৰু ইয়াৰ মাত্ৰ কেইটামান পিছতে অৰ্থাত্ এপ্ৰিল মাহত কোম্পানীটোৱে নিৰ্বাচনী বণ্ড হিচাপে ২৫ কোটি টকা দান কৰিছিল। তথ্য অনুসৰি, বেদান্তই যোৱা ৫ বছৰত মুঠ ৪০০ কোটিৰো অধিক মূল্যৰ নিৰ্বাচনী বণ্ড দান কৰিছে। ইয়াৰ বিপৰীতে কোম্পানীটোৰ হাতত মোদী চৰকাৰে চৰকাৰী কোম্পানী বি পি চি এলক গতাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।
যোৱা বছৰৰ নৱেম্বৰ মাহত উত্তৰাখণ্ডৰ উত্তৰকাশীত সংঘটিত এক সুৰংগ দুৰ্ঘটনাৰ খবৰে বিশ্বজুৰি চৰ্চা লাভ কৰিছিল। নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে ছিল্ক্যাৰা সুৰংগ খহি ১৭ দিন ধৰি ভিতৰত আৱদ্ধ হৈ পৰিছিল ৪১ জন শ্ৰমিক। উত্তৰকাশীৰ সেই সুৰংগটো নিৰ্মাণ কৰিছিল নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানীয়ে। এই কোম্পানীটোৱেও ৯০ কোটি টকাৰ নিৰ্বাচনী বণ্ড দান কৰিছে। বিৰোধীয়ে সেয়ে অভিযোগ কৰিছে যে নবযুগ কোম্পানীয়ে বিজেপিক এই চান্দা প্ৰদান কৰি সুৰংগ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল।
ইফালে গাজিয়াবাদস্থিত যশোদা হাস্পতালে কোভিডৰ সময়ত জনসাধাৰণৰ পৰা ধন আদায় কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগৰ পিছতে অভিযান চলোৱা হৈছিল হাস্পতালখনত। কিন্তু যশোদা হাস্পতালে ১৬২ কোটি বণ্ড দান কৰি এই অভিযোগৰ পৰা মুক্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে। সেইদৰে টৰেণ্ট পাৱাৰ নামৰ এটা কোম্পানীয়ে ৮৬.৫ কোটি টকাৰ চান্দা দি গুজৰাটত ৪৭,০০০ কোটি টকাৰ চৰকাৰী প্ৰকল্প লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে।
নিৰ্বাচনী বণ্ড ক্ৰয় কৰা ৰাজনৈতিক দলক চান্দা আগবঢ়োৱা আন এটা কোম্পানী হৈছে আই আৰ বি ইনফ্ৰাষ্ট্ৰাকচাৰ। তথ্য অনুসৰি, এই কোম্পানীটোৱে ২০২৩ চনৰ জুলাই মাহত কেইবা কোটি টকাৰ বণ্ড ক্ৰয় কৰে। বিৰোধীৰ অভিযোগ অনুসৰি, চান্দা প্ৰদান কৰাৰ কেইমাহ মানৰ ভিতৰতে কোম্পানীটোৱে প্ৰায় ৬ হাজাৰ কোটি টকাৰ প্ৰকল্প লাভ কৰে।
News Next One হৈছে 'Crowdfunding’ৰ জৰিয়তে পৰিচালিত নিউজ ৱেবছাইট। প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।
Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!
পুলৱামা আক্ৰমণৰ পিছতে ভাৰতৰ ৰাজনৈতিক দললৈ অনুদান পাকিস্তানী কোম্পানীৰ! কিমান সঁচা?
২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাৰ ভাৰতীয় সেনাৰ কনভয়ত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই প্ৰাণ কাঢ়ি নিছিল ৪০ গৰাকী বীৰ জোৱানৰ। পৰৱৰ্তী সময়ত শ্বহীদৰ মৃত্যুৰ আৱেগক ৰাজনৈতিক ইছ্যু কৰি তুলি ভোট ভিক্ষা মগা পৰিলক্ষিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। পুলৱামাৰ এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ অলেখ প্ৰশ্নৰে তেতিয়া অৱতাৰণা হৈছিল। জম্মু-কাশ্মীৰত কিদৰে ৪০০ কিলো বিস্ফোৰক কঢ়িয়াই এখন বাহন ঘূৰি ফুৰিবলৈ সক্ষম নহ’ল, সেনাক কিয় হেলিকপ্টাৰ প্ৰদান কৰা নহ’ল, এই আক্ৰমণৰ কিয় আজিলৈ তদন্ত কৰা নহ’ল আদি অলেখ প্ৰশ্নই উত্থাপন হৈ আহিছে। আনকি এনে প্ৰশ্ন উত্থাপন কৰিছে তেতিয়াৰ জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হৈ থকা সত্যপাল মালিকেও। কিন্তু আজিও এই প্ৰশ্নসমূহৰ উত্তৰ চৰকাৰে দিব পৰা নাই, কৰিব পৰা নাই তদন্তও।
কিন্তু এতিয়া চৰ্চালৈ আহিছে যে পুলৱামাত ৪০ বীৰ জোৱান শ্বহীদ হোৱাৰ মাত্ৰ ৪ দিন পিছতে ভাৰতৰ ৰাজনৈতিক দলক নিৰ্বাচনী বণ্ডযোগে অনুদান আগবঢ়াইছিল এটা পাকিস্তানী কোম্পানীয়ে। হাব পাৱাৰ কোম্পানী নামৰ এই কোম্পানীটোৱে ১৮ ফেব্ৰুৱাৰীত নিৰ্বাচনী বণ্ডযোগে আগবঢ়ায় ১০০ কোটি টকাৰ অনুদান। একাংশই কোম্পানীটোৱে এই চান্দা কংগ্ৰেছক প্ৰদান কৰা বুলি দাবী কৰাৰ বিপৰীতে আন একাংশৰ মতে কোম্পানীটোৱে এই চান্দা বিজেপিক প্ৰদান কৰিছিল, আৰু এই কাৰণেই বিজেপিয়ে পুলৱামা কাণ্ডৰ তদন্ত কৰা নাছিল।
হাব পাৱাৰ কোম্পানীক লৈ এনে চৰ্চা চলি থকাৰ মাজতে সত্য পোহৰলৈ আনিছে দেশৰ আগশাৰীৰ ফেক্ট চেকিং নিউজ ৱেবছাইট অল্ট নিউজে। অল্ট নিউজত প্ৰকাশিত সাংবাদিক মহম্মদ জুবেইৰে যুগুত কৰা প্ৰতিবেদন অনুযায়ী বহুতে দাবী কৰি থকাৰ দৰে হাব পাৱাৰ কোম্পানী কোনো পাকিস্তানী কোম্পানী নহয়। বৰং এই কোম্পানীটোৰ কাৰ্যালয় আছে দিল্লীত। কোম্পানীৰ জি এছ টি পঞ্জীয়ন নম্বৰৰ দ্বাৰা ফেক্ট চেক কৰি সাংবাদিক জুবেইৰে প্ৰকাশ কৰা মতে, এই কোম্পানীটোৰ স্বত্বাধিকাৰ হৈছে ৰৱি মেহৰা আৰু তেওঁ কোনো পাকিস্তানী নহয়, তেওঁ ভাৰতীয়হে।
তথ্য লুকুওৱাৰ চেষ্টা এছবিআই, নিৰ্বাচন আয়োগ, চৰকাৰৰ, নাম নাই আদানি-আম্বানিৰ!
১৪ মাৰ্চৰ সন্ধিয়া নিৰ্বাচন আয়োগে নিজৰ ৱেবচাইটযোগে ৰাজহুৱা কৰা নিৰ্বাচনী বণ্ডৰ তথ্যত বণ্ডৰ জৰিয়তে অনুদান আগবঢ়োৱাসকলৰ ভিতৰত ১৮,৮৭১ জনৰ নাম উল্লেখ কৰিছে, আনহাতে চান্দা গ্ৰহণ কৰাসকলৰ ভিতৰত উল্লেখ কৰা হৈছে ২০,৪২১ জনৰ নাম। অৰ্থাত্ দুয়োখন তালিকাতে পৰিলক্ষিত হয় ১৫৫০ টা নামৰ পাৰ্থক্য। আনহাতে এছ বি আইয়ে প্ৰদান কৰা নাই ২০১৭ চনৰ পৰা ২০১৯ চনলৈকে নিৰ্বচনী বণ্ডৰ তথ্য। এনে পৰিপ্ৰেক্ষিততে এতিয়া কংগ্ৰেছ তথা আন বিৰোধী দলে ষ্টেট বেংক অৱ ইণ্ডিয়াই নিৰ্বাচনী বণ্ডৰ অসম্পূৰ্ণ তথ্য প্ৰদান কৰি দুৰ্নীতিগ্ৰস্ত বিজেপিক সুৰক্ষা প্ৰদান কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।
কংগ্ৰেছে এক টুইটযোগে নিৰ্বাচনী বণ্ডৰ অসম্পূৰ্ণ তথ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এছ বি আইয়ে তথ্য লুকুৱাই মোদীৰ বন্ধু আদানি-আম্বানিক ৰক্ষা কৰাৰ চেষ্টা কৰিছে। নৰেন্দ্ৰ মোদীক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত প্ৰধানমন্ত্ৰী আখ্যা দি কংগ্ৰেছে অভিযোগ কৰে যে এই দুৰ্নীতি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে গাপ দিবলৈ চেষ্টা কৰিছে। এছ বি আইয়ে এতিয়াও প্ৰকাশ নকৰা ১৫৫০ টা নামৰ ভিতৰত কাৰ কাৰ নাম আছে আৰু বিজেপিক কিমান চান্দা আগবঢ়াইছে সেয়া ৰাজহুৱা কৰিবই লাগিব বুলিও মন্তব্য কৰে কংগ্ৰেছে। প্ৰয়োজন হ’লে বিজেপিৰ বেংক একাউণ্টত নিষেধাজ্ঞাৰ বাবে আদালতৰ দাৰস্থ হ’ব বুলিও সকীয়াই দিয়ে কংগ্ৰেছে।
মন কৰিবলগীয়া যে, এতিয়ালৈকে প্ৰকাশ কৰা নিৰ্বাচনী বণ্ডৰ তথ্যত নাম নাম দেশৰ অন্যতম পুঁজিপতি মুকেশ আম্বানি, গৌতম আদানিৰ নাম। কংগ্ৰেছে বিগত সময়ত অনেক বাৰ মোদী আৰু গৌতম আদানিৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে। আদানিৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতো মোদী চৰকাৰে আদানীক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰি আহিছে ৰাহুল গান্ধীকে ধৰি বিৰোধীৰ নেতাসকলে। এনে পৰিপ্ৰেক্ষিতত বণ্ডত গৌতম আদানিৰ নাম উল্লেখ নথকাত আশ্বৰ্য ব্যক্ত কৰিছে বিভিন্নজনে।
ইফালে মুকেশ আম্বানিয়ে প্ৰত্যক্ষভাৱে নিৰ্বাচনী বণ্ড ক্ৰয় নকৰিলেও বিভিন্নজনে দাবী কৰিছে যে মুঠ ৪১০ কোটি টকাৰ চান্দা প্ৰদান কৰা কুইক চাপ্লাই প্ৰাইভেট লিমিটেড কোম্পানীটোও ৰিলায়েন্স গ্ৰুপৰে অংশ। দাবী অনুসৰি, এই কোম্পানীটোৰ বাৰ্ষিক লেনদেন হৈছে মাত্ৰ ২১.৭২ কোটি টকা, কিন্তু অনুদান আগবঢ়াইছে মুঠ ৪১০ কোটি টকাৰ। এনে পৰিপ্ৰেক্ষিততে কোম্পানীটোৰ আঁৰ লৈ আন কোনোৱে চান্দা দিয়াৰ সন্দেহ কৰা হৈছে। একেদৰে গৌতম আদানীয়েও চেল কোম্পানীৰ জৰিয়তে চান্দা দিয়াৰ সন্দেহ কৰা হৈছে।
অসমৰ পৰা কোনে দিলে নিৰ্বাচনী বণ্ড?
নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলক অনুদান আগবঢ়োৱা কোম্পানী সমূহৰ ভিতৰত আছে অসম তথা উত্তৰ-পূবৰো দুটা কোম্পানী। ২০১৯ চনত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা পৰিচালিত এই দুটা কোম্পানীয়ে নিৰ্বাচনী বণ্ডযোগে প্ৰদান কৰিছিল মুঠ ৭ কোটি টকাৰ অনুদান।
মহানগৰীৰ পূব বৰাগাঁৱত থকা ‘গুৱাহাটী কাৰ্বন লিমিটেড’ নামৰ কোম্পানীটোৱে ২০১৯ চনৰ ৭ মে’ত ক্ৰয় কৰিছিল ২ কোটি টকাৰ নিৰ্বাচনী বণ্ড। উল্লেখ্য যে, এই কোম্পানীটোৰ ব’ৰ্ড অৱ ডাইৰেক্টৰ হৈছে সুভাষ মনিয়াৰ, সঞ্জীৱ কুমাৰ বৰুৱা, আৰ্য মনিয়াৰ, বিজয় কুমাৰ মোহতা, প্ৰণয়া কুমাৰ বেহুৰিয়া আৰু মুকেশ শ্ব’। অৱশ্যে কোম্পানীটোৱে কাক এই অনুদান আগবঢ়াইছিল জনা নাযায়।
একেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা পৰিচালিত আন এটা কোম্পানী হৈছে ষ্টাৰ চিমেণ্ট মেঘালয় লিমিটেড। ২০০১ চনৰ ২ নৱেম্বৰত প্ৰতিষ্ঠা কৰা এই চিমেণ্ট কোম্পানীটোৰ স্বত্বাধিকাৰ হৈছে সজ্জন ভজাংকা আৰু সঞ্জয় আগৰৱাল। ২০১৯ চনৰ ২০ এপ্ৰিলত কোম্পানীটোৱে ক্ৰয় কৰিছিল মুঠ ৫ কোটি টকাৰ নিৰ্বাচনী বণ্ড। কোম্পানীটোৱে কাক এই অনুদান আগবঢ়াইছিল সেয়া স্পষ্ট নহয়।
এছ বি আইৰ ওপৰত খং উচ্চতম ন্যায়ালয়ৰ
নিৰ্বাচনী বণ্ডৰ অসম্পূৰ্ণ তথ্য প্ৰকাশ কৰাক লৈ এছবিআইৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ পুনৰ এবাৰ শুনানি গ্ৰহণ কৰি শুকুৰবাৰে ষ্টেট বেংক অৱ ইণ্ডিয়াক ধমক দি জাননী জাৰি কৰে উচ্চতম ন্যায়ালয়ে। আদালতে বেংকক এই প্ৰশ্নও কৰে যে বণ্ড নম্বৰ কিয় প্ৰকাশ নকৰিলে। বেংকে কিয় আলফা নিউমেৰিক সংখ্যা প্ৰকাশ কৰা নাছিল? আদালতে এছ বি আইক বণ্ড নম্বৰ প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে। আদালতে নিৰ্দেশ দিছে যে ছীল কৰা কভাৰত ৰখা তথ্য নিৰ্বাচন আয়োগক দিব লাগে, কাৰণ তেওঁলোকে আপলোড কৰিব লাগিব। আদালতে কয় যে বণ্ড ক্ৰয় আৰু ৰিডেম্পচনৰ তাৰিখ উল্লেখ কৰিব লাগিছিল।
উচ্চতম ন্যায়ালয়ে কয় যে নিৰ্বাচন আয়োগত ডাটা আপলোড কৰিবলৈ প্ৰয়োজনীয়। উচ্চতম ন্যায়ালয়ে কয় যে বণ্ড নম্বৰৰ পৰা কোনজন দাতাই কোনটো পক্ষক দান দিলে সেয়া জানিব পৰা যাব। এতিয়া গোচৰটোৰ পৰৱৰ্তী শুনানি সোমবাৰে অৰ্থাৎ ১৮ মাৰ্চত হ’ব।
উল্লেখ্য যে, এছ বি আই আৰু ভাৰতীয় নিৰ্বাচন আয়োগে আদালতত সকলো নথি দাখিল কৰিছিল। বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে নিজৰ ৱেবছাইটত নিৰ্বাচনী বণ্ড গোচৰত ভাৰতীয় ষ্টেট বেংকৰ পৰা লাভ কৰা তথ্য আপলোড কৰিছিল। নিৰ্বাচন আয়োগৰ ৱেবছাইটত ৭৬৩ পৃষ্ঠাৰ দুখন তালিকা প্ৰকাশ কৰা হয়। প্ৰথম তালিকাত নিৰ্বাচনী বণ্ড ক্ৰয় কৰাসকলৰ সবিশেষ আৰু দ্বিতীয় তালিকাত ৰাজনৈতিক দলসমূহে লাভ কৰা বণ্ডৰ সবিশেষ তথ্য সন্নিবিষ্ট কৰা হৈছে। নিৰ্বাচন আয়োগৰ ৱেবছাইটত আপলোড কৰা সকলো তথ্য ৩ টা মূল্যৰ বণ্ড ক্ৰয়ৰ সৈতে জড়িত।
মন কৰিবলগীয়া যে, উচ্চতম ন্যায়ালয়ৰ ৫ গৰাকী ন্যায়াধীশৰ সংবিধান বিচাৰপীঠে ১৫ ফেব্ৰুৱাৰীত নিৰ্বাচনী বণ্ড বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছিল। উচ্চতম ন্যায়ালয়ে এছ বি আইক মঙলবাৰে সন্ধিয়াৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ সম্পূৰ্ণ তথ্য দাখিল কৰিবলৈ কৈছিল। ইয়াৰ পিছতে মঙলবাৰে সন্ধিয়া ৫.৩০ বজাত এছ বি আইয়ে নিৰ্বাচন আয়োগক তথ্য অৰ্পণ কৰিছিল। সেই তথ্য বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে ৰাজহুৱা কৰে। ১১ মাৰ্চত উচ্চতম ন্যায়ালয়ে বেংকটোক ধমক দি ১২ মাৰ্চৰ সন্ধিয়াৰ ভিতৰত এই তথ্যসমূহ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।