NEWSNEXTONE,তামুলপুৰ অক্টোবৰ II তিনিচুকীয়াত যোৱা ২৮ ,২৯ আৰু ৩০ চেপ্টেম্বৰত অনুষ্ঠিত ৩৮ সংখ্যক আন্ত:জিলা জুনিয়ৰ ছোৱালী কাবাদী প্ৰতিযোগিতাত চেম্পীয়নশ্বীপ অৰ্জন কৰি তামুলপুৰলৈ সন্মান কঢ়িয়াই অনা তামুলপুৰ জিলা ছোৱালীৰ কাবাদী দলটোক আজি আবেলি তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
 
তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সম্পাদক কমলা কান্ত বড়োই আত ধৰা আৰু কাৰ্যকৰী সভাপতি মহেন্দ্ৰ নাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত কাবাদী খেলুৱৈ দলটোক তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ লগতে তামুলপুৰ অাৰু গয়বাৰী ব্লক বি পি এফ , মহিলা বি পি এফ , তামুলপুৰ প্ৰেছ ক্লাৱকে আদি কৰি তামুলপুৰ ৰ বিভিন্ন দল ,সংগঠনে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে ।সভাত দলটোৰ পৰিচালক মীনা বড়ো আৰু প্ৰশিক্ষক কিৰন সৰকাৰক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
 
সভাত তামুলপুৰ ব্লক বি পি এফৰ সম্পাদক অভিজিৎ দাস দেউৰী, মহিলা বিপিএফৰ দীপালী ডেকা, তামুলপুৰ প্ৰেছ ক্লাৱৰ সম্পাদক চক্ৰেশ্বৰ ডেকা আদিয়ে আদিয়ে বক্তব্য প্ৰদান কৰে ।