
নগাঁওঃ খেতি বিনে অসহায় অসমীয়া৷ এতিয়া কঠিয়াৰ মাটি চহোৱাৰ পৰা আৰম্ভ কৰি পথাৰ চহোৱা, আলি দিয়াত যেন ব্যস্ত জকাইচুকৰ আৱাল-বৃদ্ধ বনিতা৷ তিনিমাহ পাছত ঘৰলৈ সোণগুটি চপাই অনাৰ সপোন ৰছি খেতিয়কৰ যেন গাত ত’ত নাইকিয়া৷ নগাঁও জিলাৰ গ্ৰামাঞ্চলৰ খেতিয়কসকলো এতিয়া পথাৰত ব্যস্ত ৷
বিভিন্ন প্ৰকাৰৰ খেতিৰ সমান্তৰালকৈ প্ৰধানতঃ ধানখেতিৰে জীৱন নিৰ্বাহ কৰি অহা এই কৃষকসকলে ধানখেতিৰ জৰিয়তে একপ্ৰকাৰে সেউজ বিপ্লৱৰ সূচনা কৰি আহিছে নগাঁও জিলাৰ কৃষকে ৷ যুগ যুগ ধৰি বহু পৰিশ্ৰমেৰে এইসকল কষ্টসহিষ্ণু কৃষকে নিৰৱচ্ছিন্নভাৱে কৃষি-কাৰ্য সম্পাদন কৰি আহিছে যদিও বিগত কেইবছৰ মানৰ পৰা প্ৰকৃতিৰ তাণ্ডৱে কৃষকসকলক দিশহাৰা কৰি আহিছে৷
এইবাৰ ধানখেতিৰ সময়ত তথা বাৰিষাৰ লগে লগে প্ৰকৃতিয়ে কৃষকসকলৰ প্ৰয়োজন অনুসাৰে যোগান ধৰিছে বৰষুণৰ পানী ৷ উল্লেখ্য, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঠায়ে ঠায়ে বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰি সৰ্বস্তৰৰ লোককে অনাহুত পৰিস্থিতিৰ সন্মুখীন কৰোৱাৰ সময়ত লক্ষণীয়ভাৱে সম্প্ৰতি নগাঁও জিলাত ধানখেতিৰ বাবে প্ৰকৃতি অনুকুল হোৱাত স্বাভাৱিকতেই নগঞা কৃষকৰ মুখত হাঁহি বিৰিঙি উঠিছে ৷
সকলোৱে বহু আশা বুকুত বান্ধি খেতি-পথাৰত নামি পৰিছে আৰু প্ৰয়োজনীয় কাম-কাজ চলাই গৈছে ৷ ডেকা-বুঢ়া সকলোৱে পথাৰত নামি কোনোৱে যদি আনন্দ মনেৰে হাল বাইছে, কোনোৱে আকৌ মুখত মেলেঙি মাৰি বিৰিয়াত কঠীয়াৰ ভাৰ লৈ কান্ধত নাঙল-যুৱলি কঢ়িয়াইছে ৷ ইয়াৰ বিপৰীতে মহিলা আৰু যুৱতীসকলে ৰোৱনী সাজেৰে কঠীয়া ৰুবলৈ পথাৰত নমাৰ লগতে বহু বোৱাৰী-জীয়ৰীয়ে কৃষক বা ৰোৱনীৰ বাবে পথাৰলৈ জলপান প্ৰস্তুত কৰি আনিছে ৷
যাৰ পৰিণতিত নগাঁৱৰ বিস্তীৰ্ণ কৃষিভূমিত দেখিবলৈ পোৱা গৈছে কৃষকৰ অতি ব্যস্ততাপূৰ্ণ প্ৰতিচ্ছবিৰ লগতে গ্ৰামাঞ্চলৰ চিৰপৰিচিত এক মনোমোহা পৰিৱেশ৷ এইবাৰ নগাঁৱৰ কৃষিভূমিত এচাম শিক্ষিত নিবনুৱা যুৱক-যুৱতীও নামি পৰি যুদ্ধংদেহী মনোভাৱেৰে কৃষি-কৰ্মত নিজকে নিয়োজিত হোৱা দেখা গৈছে ৷
ফলত গ্ৰামাঞ্চলৰ খেতিপথাৰত এতিয়া আগৰ তুলনাত কৰ্মজীৱি শ্ৰমিকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে আৰু যুৱ কৃষকসকলৰ মনত একপ্ৰকাৰে আশাৰ ৰেঙণি জন্মিছে৷ নগঞা এইসকল কৃষকক চৰকাৰে নিয়মীয়াকৈ ৰাসায়নিক সাৰ, কীটনাশক ঔষধ আদি পৰ্যাপ্ত পৰিমাণে যোগান ধৰিবলৈ সচেতন মহলে দাবী জনাইছে৷