Home ৰাজনীতি৪৬ জনত প্ৰধানমন্ত্ৰী, ৩৮ জনত মুখ্যমন্ত্ৰী

৪৬ জনত প্ৰধানমন্ত্ৰী, ৩৮ জনত মুখ্যমন্ত্ৰী

by News Desk
A+A-
Reset
news-6-5

newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ দুটাকৈ বৃহৎ দল এতিয়া সৰু দল এটাৰ পিছত পৰিব লগা হৈছে৷ যিটো দলক কালিলৈ অংকত ধৰা হোৱা নাছিল সেই দলটো এতিয়া হৈ পৰিছে কিং মেকাৰ৷ আন দল দুটাৰ দৰে তেওঁলোকৰ হাতত নাই বেছি সংখ্যাক আসন৷ কিন্তু তেওঁলোকৰ সমৰ্থন অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰিব৷ 

কৰ্ণটক বিধানসভাৰ ১২ মে’ত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ মঙলবাৰে ফলাফল ঘোষণা কৰাৰ পিছতে এনে এক পৰিস্থিতি দেখা গৈছে কৰ্ণাটকত৷ কৰ্ণাটক বিধান সভা নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈ বিয়লি সমাপ্ত হয়৷ ফলাফল অনুসৰি বিজেপিয়ে ১০৪ খন আসনত জয়ী হয়৷ আনহাতে কংগ্ৰেছে ৭৮ খন আসন আৰু জেডিএছে ৩৮ খন আসন লাভ কৰে৷ ৫ বছৰৰ মূৰকত পুনৰ শাসনৰ গাদী দখল কৰিব বুলি বিজেপিক আশংকা কৰা হৈছিল যদিও বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নােৱাৰিলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0