53
ডিজিটেল ডেস্কঃ সকলোৰে সম অধিকাৰৰ শ্লোগানেৰে সংবাদ পৰিৱেশন কৰা প্ৰতিষ্ঠানতে শোষণৰ বলি হৈছে মহিলা। ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেছন সংক্ষেপে বিবিচিৰ দৰে নামজ্বলা সংবাদ গোষ্ঠীয়ে প্ৰতাৰণা কৰিছে নাৰী কৰ্মচাৰীক।
হাডভগা শ্ৰম সত্ত্বেও মহিলা কৰ্মীক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে কৰ্তৃপক্ষই। পিছে কম পৰিশ্ৰম কৰিয়েই মোটা অংকৰ দৰমহা আদায় কৰিছে বিবিচিৰ পুৰুষ সাংবাদিক আৰু আন কৰ্মচাৰীয়ে।