ডিজিটেল ডেস্কঃ কিউবাৰ জনপ্ৰিয় বিপ্লৱী নেতা তথা জননায়ক ফিডেল কাষ্ট্ৰোৰ বৰ পুত্ৰ ফিডোল কাষ্ট্ৰো ডায়েজ বালাৰ্তই আত্মহত্যা কৰে৷ জানিব পৰা মতে, দীৰ্ঘ সময়ৰ পৰা হতাশাত ভূগি চিকিৎসা গ্ৰহণ কৰি আছিল বৰ পুত্ৰই৷ কিউবাৰ এটি ৱেব মিডিয়াই এই খবৰ প্ৰকাশ কৰিছে৷

প্ৰৱল হতাশাত ভূগি অৱশেষত আত্মহত্যা কৰা বুলি কয় ৱেব মিডিয়াই৷ ৬৮ বছৰীয়া বালাৰ্ত দেখাত পিতৃৰ দৰেই আছিল৷ যাৰ বাবে মানুহে তেওক 'ফিদলতো' বুলি মাতিছিল বুলি জানিব পৰা যায়৷ হতাশাজনিত ৰোগত আক্ৰান্ত বালাৰ্তক কেইদিনমান চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা কৰিছিল যদিও অৱশেষত নিজ ঘৰতে চিকিৎসা কৰি আছিল৷

কিন্তু বৃহস্পতিবাৰে পুৱা পত্নীয়ে তেওঁৰ হাভানাৰ গৃহত মৃতদেহ উদ্ধাৰ কৰে৷ বালাৰ্তা আছিল এগৰাকী নিউক্লিয়াৰ ফিজিচিষ্ট৷ ছোভিয়েট ইউনিয়নত তেও পঢ়া-শনা কৰিছিল৷ কিউবাৰ কাউন্সিল অৱ ষ্টেট বৈজ্ঞানিকৰ পৰামৰ্শ দাতা আছিল৷ ২০১৬ চনৰ ২৬ নৱেম্বৰত ৯০ বছৰ বয়সত পিতৃ ফিডোল কাষ্ট্ৰোৰ মৃত্যু হয়৷