photo by NNO Staff
photo by NNO Staff

গুৱাহাটীঃ উত্তৰ-পূৱৰ জৈৱ বৈচিত্ৰ্যক বিশ্ববাসীৰ আগত দাঙি ধৰাৰ প্ৰয়াস আৰম্ভ কৰিছে নৱগঠিত স্বেচ্ছাসেৱী তথা পৰ্যটন অনুষ্ঠান ফাইণ্ডাৰব্ৰীজে ৷ এই অনুযায়ী আজি সংস্থাটোৱে ৱেবছাইট আনুষ্ঠানিকভাৱে মুকলি কৰে।

গুৱাহাটী প্ৰেছ ক্লাৱত আজি আয়োজিত সংস্থাটোৰ ৱেছছাইট মুকলি অনুষ্ঠানত এই কথা সদৰী কৰে কৰ্ম-কৰ্তাসকলে৷ অনুষ্ঠানটোত ফাইণ্ডাৰব্ৰীজৰ ৱেবছাইটতো আনুষ্ঠানিক ভাৱে মুকলি কৰে বিটিচিৰ পৰ্যটন বিভাগৰ উপদেষ্টা পাৰ্থ প্ৰতিম দাস আৰু লভিতা জে আৰ মৰাঙে ৷

ফাইণ্ডাৰব্ৰীজে ৱেবছাইটটোৰ জৰিয়তে উত্তৰ-পূৱৰ অনাৱিস্কৃত দিশ পোহৰলৈ অনাৰ প্ৰয়াস কৰাৰ লগতে গ্ৰাম্য-কৃষি আৰু দুঃসাহসিক পৰ্যটনৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিবলৈ প্ৰয়াস চলাই যাব বুলি মন্তব্য কৰে ফাইণ্ডাৰব্ৰীজ কৰ্তৃপক্ষই ৷

নগৰীয়া জীৱন আৰু গ্ৰাম্য জীৱনৰ মাজত ব্যৱধান, জনগোষ্ঠীয় পৰিয়াল আৰু পামঘৰত নৈশ যাপনৰ সুবিধা প্ৰদান কৰাৰ লগতে উত্তৰ-পূৱ সন্দৰ্ভত বিশ্বক জনাবলৈকো ফাইণ্ডাৰব্ৰীজ বদ্ধ পৰিকৰ বুলি কৰ্ম-কৰ্তাসকলে জানিবলৈ দিয়ে। শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা কৰাৰ লগতে উত্তৰ-পূৱৰ ঐতিহ্য তথা প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰচাৰৰ হকেও সংস্থাটোৱে কাম কৰি যাব বুলি কৰ্ম-কৰ্তাসকলে সদৰী কৰে।