বাঘবৰ : আগবাৰিষাতে বানত বুৰিল বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ ২০ খনৰো অধিক গাওঁ। হঠাৎ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বাঢ়ি অহাত জলমগ্ন হৈ পৰিছে বিস্তৃৰ্ণ অঞ্চল। জেঠমহীয়া বানৰ কবলত বাঘবৰৰ শিলোচী পাথাৰ , মৰাভাজ , সত্ৰকণৰা ১২, ১৩, ১৪ , ১৫ নং ছিটসহ বহু গাঁও প্লাৱিত হৈ পৰাত কৃষি প্ৰধান অঞ্চল সমূহৰ শ শ বিঘা ধানখেতিৰ লগতে মৰাপাটসহ অন্যান্য খেতিও পানীৰ তলত বুৰ গৈছে ।
ফলত বানাক্ৰান্ত অঞ্চল সমূহত খাদ্য- সংকট তীব্ৰতৰ হৈছে । উল্লেখ্য যে বৃহত্তৰ বাঘবৰ অঞ্চলৰ কৃষক ৰাইজৰ পানীৰ তলত বুৰ যোৱা পকা ধানবোৰ চপাই আনিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে যদিও অধিকাংশ কৃষকে তেওঁলোকৰ ধানবোৰ চপাই অনাত ব্যৰ্থ হৈ মূৰে কপালে হাত দিছে ।
তদুপৰি বাঘবৰৰ পৰা শিলোচী পাথাৰ হৈ জিলা সদৰলৈ যোৱা একমাত্ৰ শিলোচী পাথাৰ-বাঘবৰ সংযোগী গড়কপ্টানী পথ বান ডুব গৈছে । ফলত যাতায়ত বিছিন্ন হৈ পৰিছে কেইবাখনো গাঁৱৰ ৰাইজৰ ।উপায়ান্তৰ হৈ বিপদ সংকুলভাৱে তুলুঙা নাৱৰে কোনোমতে যাতায়ত অব্যাহত ৰাখিছে যদি ফেনে ফুটকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ পানীয়ে ন ন গাওঁ বুৰাই গৈছে।
অথচ প্ৰশাসনৰ তৰফৰ পৰা কোনো খবৰ লোৱা পৰিলক্ষিত হোৱা নাই । এই ক্ষেত্ৰত বানাক্ৰান্তই স্থানীয় বিধায়ক সূদৃষ্টি কামনা কৰিছে ।