17
Nov
2017

তুলসীবাৰীঃ ৰঙিয়াৰ ধুহি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ শুকুৰবাৰে দ্বিতীয় ছেমিফাইনেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই হাজো ইউনাইটেড এফ চি আৰু ডিমু-ডোবক ফুটবল একাদশে।
উত্তেজনাপূৰ্ণ খেল খনত ডিমু-ডোবক ফুটবল একাদশে হাজো ইউনাইটেড এছচিক ২-০ গলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আনহাতে অহা ১৯ নৱেম্বৰৰ ফাইনেলত অৱতীৰ্ণ হ’ব বালিসত্ৰ আঞ্চলিক ক্ৰীড়া সন্থা আৰু ডিমু-ডোবক ফুটবল একাদশে।