শিমলুগুৰিঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি অনুষ্ঠিত হোৱা প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাখনৰ আজিৰ খেলখন চৰাইদেউ আৰু ৰহদৈ তিনিআলিৰ নেকিবুল ফুটবল ক্লাৱৰ মাজত অনুষ্ঠিত হয়৷

উক্ত খেলখনত চৰাইদেউ ক্লাৱে ৰহদৈ তিনিআলি নেকিবুল ফুটবল ক্লাৱক ১-০ গ'লত পৰাভূত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে। আজি খেলখন পৰিচালনা কৰে ৰাতুল ফুকন, হৰেন লিকচন আৰু বুলনজ্যোতি সন্দিকৈয়ে।

আনহাতে মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া খেলখনত মুখামুখি হ’ব দ'লবাগান আৰু লক্ষ্মীজান ফুটবল ক্লাৱে।