ডিজিটেল ডেস্কঃ ভৰতীয় ১৭-অনুৰ্ধৰ ফুটবল দলত খেলিব এগৰাকী কিশোৰে৷ দেশে বিশ্ব ফুটবল মানচিত্ৰত লাহে লাহে ঠাই দখল কৰাৰ সময়তে দেশৰ সংবাদ মাধ্যমত এই কিশোৰগৰাকীৰ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ ১৪ বছৰৰ কিশোৰগৰাকীৰ ফুটবলৰ সাফল্যৰ বাবেহে চৰ্চালৈ আহে৷

ৰিয়েল মাদ্ৰিদত অনুশীলন কৰাৰ সুযোগ লাভ কৰ কেৰালাৰ কোল্লামৰ কিশোৰ ফুটবলাৰ মণিকন্দনে৷ এই কিশোৰগৰাকীয়ে কিছুদিন আগলৈ কোল্লামৰ এটি মন্দিৰত নিজ ভগ্নীৰ সৈতে ভিক্ষা কৰি ঘুৰি ফুৰিছিল৷ কোল্লামৰ মন্দিৰত ভিক্ষা কৰি থকা অৱস্থাত কোনো লোকে তেওঁক চৰকাৰী অনাথ আশ্ৰমত ৰাখে৷ অনাথ আশ্ৰমত ফুটবল খেলি চলি থকাৰ সময়তে তেওঁৰ ফুটবলৰ প্ৰতিভা তথা দক্ষতা ধৰা পৰিছিল৷

চেন্নাই ফুটবল অকাডেমিত যোগদান কৰাৰ পিছতে আই লিগৰ কেম্পত প্ৰশিক্ষণ লোৱাৰ সুবিধা লাভ কৰে৷ তাৰ পৰাই ৰিয়েল মাদ্ৰিদত প্ৰশিক্ষণ লাভৰ সুবিধা লাভ কৰে৷ জুনিয়ৰ আই লিগ কেম্পত বিদেশৰ প্ৰশিক্ষকৰ নজৰ পৰে মণিকন্দনৰ ওপৰত৷ কিশোৰৰ ফুটবলৰ শৈলীৰ প্ৰতি মুগ্ধ হয় প্ৰশিক্ষক৷