নতুন দিল্লীঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ধোনীৰ আধাৰ কাৰ্ড সম্পৰ্কীয় তথ্য  টুইটাৰত ৰাজহুৱা কৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে পত্নী সাক্ষীয়ে৷ এগৰাকী স্বেচ্ছাসেৱকে এই তথ্য ৰাজহুৱা কৰাৰ পিছত ঘটনাতো সাক্ষীয়ে অৱগত কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদক৷

মন্ত্ৰীগৰাকীয়ে বিষয়তো বেআইনী বুলি আখ্যা দিয়ে আৰু লগে লগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। স্বেচ্ছাসেৱকজনৰ লগতে সেৱা প্ৰদানকাৰী সংগঠনটোক এতিয়াৰপৰা ১০ বছৰলৈ ব্লেকলিষ্টেড কৰা হৈছে।