newsnextone.com | ডিজিটেল ডেস্কঃ তই যদি পাতে পাতে, মই ডালে ডালে৷ এয়াই পৰিলক্ষিত হ’ল ইন্ধন সামগ্ৰী আৰু পেট্ৰলিয়াম সামগ্ৰীৰ মূল্যত৷ পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিয়ে দেশৰ জনতাৰ মূৰত মাধমাৰ মাৰিছে৷ শেহতীয়াকৈ বিগত তিনিদিন একেৰাহে পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে যদিও এতিয়াও ৮০ৰ ঘৰ পৰিক্ৰমি হৈয়েই আছে পেট্ৰল মূল্য৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উজ্জ্বলা যোজনাৰ জৰিয়তে দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক বিনামূলীয়া গেছ সংযোগ প্ৰদান কৰিছে৷ ধোঁৱাহীন পাকঘৰ এটাৰ পৰাই সুস্থ পৰিয়ালৰ পৰাই আৰম্ভ হয় বুলি বৰ বৰ কথা কৈ দেশৰ জনতাক গেছ সংযোগ লোৱাৰ প্ৰতি আকৃষ্টও কৰিছে৷ কিন্তু ইফালে নৰেন্দ্ৰ মোডীয়ে বিনামূলীয়া সংযোগ প্ৰদান কৰি আনফালে ইন্ধন সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি সাধাৰণ জনতাক লুটি পুতি খোৱাৰ পৰিকল্পনা কৰিছে বুলি জনতাই অভিযোগ উত্থাপন কৰিছে৷
সাধাৰণ জনতাক পুনৰ এবাৰ মূল্যবৃদ্ধিৰ জুইত জ্বলাই বৃদ্ধি কৰা হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম৷ বৃহস্পতিবাৰে মাজ নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰে ইন্ধন গেছৰ নতুন দাম প্ৰনয়ন কৰিছে৷ নতুন নিৰিখ অনুসৰি প্ৰতিটো ঘৰুৱা গেছ চিলিণ্ডাৰত ৫০ টকা আৰু ব্যৱসায়ীক চিলিণ্ডাৰত ৭৯ টকাকৈ বৃদ্ধি কৰা হৈছে৷
বেংক ব্যৱস্থাই হওক বা ৰন্ধন গেছৰ সংযোগ, সাধাৰণ ৰাইজক বিনামূলীয়াকৈ প্ৰদান কৰাৰ প্ৰলোভন দি কেন্দ্ৰীয় চৰকাৰে পিছত নতুন নতুন নিয়ম উদ্ভাৱন কৰা পৰিলক্ষিত হৈ আহিছে৷ কিন্তু চৰকাৰৰ নচুন নিয়মবোৰ যেন সাধাৰণ দৰিদ্ৰ পৰিয়ালৰ বাবে নহয়, তেনে অনুমান হয়৷
মোডীয়ে জনধন আঁচনিৰ জৰিয়তে জনতাক বেংক ব্যৱস্থাৰ সৈতে সংযুক্ত কৰিলে যদিও বেংকত নূন্যতম জমাধন থাকিব লাগিব, অইন বেংকৰ পৰা এটিএম যোগে পইচা উলিয়ালে অতিৰিক্ত ধন ভৰিব লাগিব, মাহত ৪ বাৰতকৈ অধিক ধনৰ লেনদেন কৰিব নোৱাৰিব আদি নতুন নতুন নিয়ম প্ৰৱৰ্তন কৰি সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে৷
তদুপৰি এইবাৰ প্ৰধানমন্ত্ৰীয়ে উজ্জ্বলা যোজনাৰ জৰিয়তে গেছ সংযোগ প্ৰদান কৰি এতিয়া ইন্ধন গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা কাণ্ডই সাধাৰণ দৰিদ্ৰ জনতাক যে বিজেপি চৰকাৰ খনে অতদিন আভুৱা ভাৰি আহিছে সেই কথা প্ৰমাণ হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷