
দিল্লীঃ গুৰমেহৰ কৌৰৰ কথা আপোনাৰ মনত আছে নহয়৷ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দেশৰ বৰ বৰ লোকে আক্ৰমণৰ বাবে টাৰ্গেট কৰি লৈছিল ২০ বছৰীয়া গুৰমেহৰ কৌৰক৷ সেনাৰ শ্বহীদ জোৱানৰ কন্যাগৰাকীক কূখ্যাত ডনৰ সৈতে তুলনা কৰিছিল দেশৰ শাসকীয় দলৰ এগৰাকী সাংসদে। এবিভিপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে গুৰমেহৰ কৌৰক গেৰুৱা দলৰ সাংসদ প্ৰতাপ সিংহই ডন ডাউড ইব্ৰাহীমৰ সৈতে তুলনা কৰিছিল।
কবলৈ-প্ৰতিবাদ কৰিবলৈ ভয় নকৰা যুৱতীগৰাকীক শাসকীয় দলৰ বহু লোকে আক্ৰমণ কৰিছিল ছচিয়েল মিডিয়াযোগে৷ গুৰমেহৰ কৌৰ নামৰ গৱেষণাৰ ছাত্ৰীগৰাকীক ছ’চিয়েল মিডিয়াত একাংশই টাৰ্গেট কৰি হকে-বিহকে আক্ৰমণ কৰিছিল। দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰামযশ কলেজত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু বিজেপিৰ ছাত্ৰ সংগঠনৰ সদস্য জড়িত হৈ থকা হিংসাত্মক ঘটনাৰ প্ৰতিবাদ কৰি ছ’চিয়েল মিডিয়াত ছাত্ৰ সংগঠনকেইটাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল গুৰমেহৰে৷
যাৰ ফলত ছ’চিয়েল মিডিয়াতে ধৰ্ষণৰ ভাবুকি দিছিল ৰাহুল নামৰ যুৱক এজনে। কৌৰক বিভিন্ন ধৰণৰ ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুয়ে কৌৰৰ মনত কোনোবাই বিদ্বেষৰ ভাৱ সুমুৱাই দিয়া বুলি টুইট কৰিছিল৷
কাৰ্গিলৰ যুদ্ধত শ্বহীদ হোৱা কেপ্টেইন মনদীপ সিঙৰ কন্যা গুৰমেহৰ কৌৰক উপলুঙা কৰিছিল ক্ৰিকেটাৰ বীৰেন্দ্ৰৰ সেহৱাগে। সততে টুইটাৰত ব্যংগ কৰি চৰ্চাত থকা প্ৰাক্তন ক্ৰিকেটাৰ সেহবাগে এবিভিপিৰ বিৰুদ্ধে কৌৰৰ প্ৰচাৰ অভিযানক লৈ ব্যংগ কৰিবলৈ গৈ ছ'চিয়েল মিডিয়াত কটু সমালোচনাৰ সমুখীন হৈছিল সেহৱাগ।
আকৌ বাটৰ কচু গাত ঘঁহি লোৱা দেখা গৈছে ৰণদীপ হুডাক। হুডাও সমালোচিত হৈছে তেওঁ সেহৱাগক কৰা সমৰ্থনৰ বাবে।নিশাৰ ভিতৰতে দেশত বিখ্যাত হৈ পৰা গুৰমেহৰ এতিয়া বিশ্ববাসীৰ সন্মুখত ধৰা দিছে৷ গুৰমেহৰৰ প্ৰতিবাদী কন্ঠৰ চৰ্চাই পৰিধি ভাঙি পেলোৱা পৰিলক্ষিত হৈছে৷ বিশ্ব বিখ্যাত টাইম মেগাজিনে ‘বাক-স্বাধীনতাৰ যোদ্ধা’ বুলি অভিহিত কৰে গুৰমেহৰক৷
দেশৰ বহু লোকে গুৰমেহৰৰ পক্ষত থিয় দিয়াৰ পিছত টাইম মেগাজিনে ২০১৭ বৰ্ষৰ পৰবৰ্তী প্ৰজন্মৰ নেতৃত্ব শীৰ্ষক তালিকা প্ৰকাশ কৰে৷ এই তালিকাত গুৰমেহৰৰ নাম সন্নিবিষ্ট কৰে বিখ্যাত মেগাজিন খনে৷ টাইম মেগাজিনত দিয়া সাক্ষাৎকাৰত গুৰমেহৰে কয় "ভালৰ স্বাৰ্থত কথা কলে কি ভুল হব৷ আমি কিয় মনে মনে থাকিম৷ আমি কলে যদি শুনা মানুহ থাকে তেন্তে আমি কথা কমেই"৷