29
May
2017

হাতীগাঁওঃ আক্ষৰিক অৰ্থতে ঘোঁৰামাৰাৰ শিৱম উপ-পথত কেৱল ঘোঁৰাৰেহে যেন যাতায়ত কৰিবপৰা যায়। মানুহৰ যাতায়তৰ বাবে এতিয়াও উপযুক্ত হোৱা নাই এই শিৱম পথ।
শিৱম পথত যাবলৈ হ'লে ভোলানাথৰ কৈলাশধামত যোৱাৰ দৰেই দুৰ্গম অভিজ্ঞতাৰ সন্মুখীন হ’বলগা হয় প্ৰতিজন লোকে।
ৰাজধানী চহৰৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত থকা উক্ত পথছোৱা বাৰিষাৰ ছমাহে জলমগ্ন হৈ থাকে।
বহু পৰিয়ালে বসবাস কৰা এই উপ-পথটোত স্বচ্ছ অভিযানৰপৰা আৰম্ভ কৰি কোনো সভ্য সমাজৰ আঁচনিয়েই ভালদৰে ঢুকি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।
'ৰাস্তা বুলিবলৈ একো নাই, আমি ল’ৰা-ছোৱালীক কান্ধত তুলি স্কুললৈ নিব লগা হয়’- এই মন্তব্য স্থানীয় লোকৰ।