মিছামাৰী : মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত পাভমাৰী গাঁৱৰ দুগৰাকী যুৱতীক গুৱাহাটীৰ এটা কাপোৰ ফেক্টৰীত কামৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰলোভন দি ঘৰৰ পৰা আনি এজন যুৱকে শিৱসাগৰত বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে৷

অভিযোগ অনুসৰি বেলশিৰি চাহ বাগিচাৰ ইনুছ তাঁতী নামৰ যুৱকজনে যোৱা চাৰি মে'ত যুৱতীদ্বয়ৰ পৰিয়ালৰ অনুমতি সাপেক্ষে দুয়োকে ঘৰৰ পৰা লৈ আহে ।

সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা যুৱতী দুগৰাকীয়ে জানিবলৈ দিয়া মতে, ঘৰৰ পৰা অনাৰ দিনাই ইনুছে প্ৰথমে তেওঁলোকক ঢেকীয়াজুলি আৰু পাছত তাৰ পৰা বাছেৰে নি তেজপুৰৰ সমীপস্থ চলাগাঁৱৰ সুমনাথ সিং নামৰ লোকজনৰ হাতত অৰ্পণ কৰে । পাছত সুমনাথে দুয়োকে শিৱসাগৰ চহৰৰ বি জি ৰোডৰ নিবাসী সুভাষ কুমাৰ আৰু চিৰঞ্জীৱ আগৰৱালা নামৰ ভাতৃদ্বয়ৰ হাতত অৰ্পণ কৰে ।

তাৰ পাছৰে পৰা দুয়ো পৰিয়ালটোত বনকৰা ছোৱালী হিচাপে নিয়োজিত আছিল । ঘটনাৰ ১৮ দিনৰ পাছত যুৱতীদ্বয়ে ঘৰত মোবাইল ফোনেৰে খবৰ দিয়াত পৰিয়ালৰ লোকে স্থানীয় আছা কৰ্মীসকলক বিষয়টো অৱগত কৰে৷ পাছত সংগঠনটোৰ কৰ্মকৰ্তাসকলে মিছামাৰী আৰক্ষীৰ সৈতে শিৱসাগৰলৈ ৰাওনা হয়৷ সেইমৰ্মে  যুৱতীদ্বয়ক উদ্ধাৰ কৰা হয় ।  ইনুছ সম্প্ৰতি পলাতক হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।