ডিজিটেল ডেস্কঃ বহু ব্যস্ততাৰ অন্তত এতিয়াহে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হ'ল অভিনেতা চলমান খান। ৩৫ শতাংশ নম্বৰ লাভ কৰি পাছ কৰিলে চলমান খানে। আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা এই ডিগ্ৰী লাভ কৰে অভিনেতা জনে। হয়, চলমান খানে বিএ পাছ কৰিলে।
এই খবৰ স্থান লাভ কৰিলে সংবাদ মাধ্যমত। চলমান খানৰ ফটো সম্বলিত মাৰ্কছিত যেতিয়া এখন বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিব তেতিয়া সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাটো স্বাভাৱিক। কিয়নো বলিউডৰ চুপাৰষ্টাৰ চলমান খানে যেতিয়া BA পাছ কৰিব তেতিয়া সেয়া সংবাদ মাধ্যমৰ বাবে এয়া খবৰ।
কিয়নো ১৯৬৫চনৰ ২৭ ডিচেম্বৰত জন্ম লাভ কৰা চলমান খানে ২০১৭ চনত বিএছ পাছ কৰিলে। বলিউডৰ চুপাৰষ্টাৰ চলমান খানে BA পাছ কৰাৰ এখন মাৰ্কছিট আগ্রা বিশ্ববিদ্যালয়ে প্ৰকাশ কৰে। স্নাতকৰ এজন ছাত্ৰৰ মার্কছিটত বলিউডৰ মেগাষ্টাৰ চলমান খানৰ ফটো লগোৱাতহে এই বেমেজালি খন লাগে।
ছাত্রজনক মার্কছিট দিয়াৰ পুৰ্বে এবাৰ নিৰিক্ষণৰ বাবে নিছিল বিশ্ববিদ্যালয় কর্তৃপক্ষই। তেতিয়াই এই ভুল সমুখলৈ আহে। দেখা গৈছে, আগ্রা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আলিগড় অম্রতা সিং মেমোৰিয়েল ডিগ্রি কলেজৰ এজন ছাত্ৰৰ মার্কছিটত লগোৱা হৈছিল অভিনেতা ছলমান খানৰ এখন ফটো। সেই মাৰ্কছিট খনতেই ছাত্ৰজনে লাভ কৰিছিল ৩৫% নম্বৰ।
সেই মার্কছিট খনৰ এখন প্রতিলিপি ছাত্ৰ জনৰ হাতত থকাতহে সমুখলৈ আহে এই ঘটনা। আনহাতে বিশ্ববিদ্যালয় কর্তৃপক্ষই নিজে দায় সাৰিবলৈ এই ঘটনাৰ বাবে দোষ দিয়া হয় বেচৰকাৰী সংস্থাক। জানিব পৰৈ মতে, পুৰ্বেও এই বিশ্ববিদ্যালয়ৰ আৰু এজন ছাত্ৰই মার্কছটত লগোৱা আছিল কংগ্রেছৰ অন্যতম নেতা ৰাহুল গান্ধীৰ ফটো।
বিশ্ববিদ্যালয় প্রশাসনৰ এক বিশেষ সূত্রই কয় যে, বৰ্তমানে অন্য আৰু এখন মার্কছিটত আহিছে য’ত ছাত্ৰ নামৰ সলনি আছে ড০ ভীমৰাও আম্বেদকাৰৰ নাম। সাধাৰণতে যি বোৰ বেচৰকাৰী সংস্থাত মার্কছিত ছপোৱাৰ কাম কৰা হয়, তাতেই এই ভুল বোৰ হোৱা বুলি কয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।