ডিজিটেল ডেক্সঃ গোমূত্ৰৰে পবিত্ৰ কৰিব লগা হ'ল মন্দিৰ। দক্ষিণৰ চিনেমাজগতৰ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজে কৰ্ণাটকৰ ৰাঘবেন্দ্ৰ মন্দিৰৰ এক অনুষ্ঠানত উপস্থিত থাকি মঞ্চত ভাষণ প্ৰদান কৰাৰ বাবেই হিন্দুত্ববাদী সংগঠনে পবিত্ৰ কৰে মন্দিৰটো।

ভাষণ প্ৰসংগত অভিনেতা ৰাজে কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ হেগৰেক তীব্ৰ বাক্যবান কৰাৰ লগতে ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। তাৰ পিছতে ক্ষোভিত বিজেপি ভাতৃ সংগঠন যুৱ মৰ্চাৰ কৰ্মকৰ্তাই এই পন্থা অৱলম্বন কৰিব লগা হয়।

অভিনেতা ৰাজে ভাষণ দি যোৱাৰ পিছতে সম্পূৰ্ণ অনুষ্ঠান স্থলীৰ লগতে মঞ্চত তুলসী আৰু গো মূত্ৰৰ ছটিয়াই পবিত্ৰ কৰে। অভিনেতা ৰাজে কমল হাছানৰ দৰে ধৰ্মৰ নামত সন্ত্ৰাস সৃষ্টি কৰিব বিচাৰিছে নেকি প্ৰশ্ন উত্থাপন কৰি সৰৱ হৈ পৰে বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকল।

গো মূত্ৰৰে পবিত্ৰ কৰাৰ পাছত বিজেপি যুৱ মৰ্চাৰ স্থানীয় নেতা বিশাল মৰাটে অভিনেতা ৰাজ বাওঁপন্থী চিন্তাধাৰাৰ লোক বুলি অভিহিত কৰে। কিছু লোকে নিজকে বুদ্ধিজীৱী বুলি ভাবি ধৰ্মৰ নামত অধৰ্মৰ কাম কৰা বুলিও কয় ৰাজক উদ্দেশ্যে।

মাৰাটে উল্লেখ কৰে যে হিন্দু দেৱ-দেৱতাক ইতিকিং কৰা আৰু গো মাংস ভক্ষণৰ প্ৰচাৰ কৰাৰ বাবে ৰাঘবেন্দ্ৰ মন্দিৰ প্ৰাংগণ অশুদ্ধ হৈছে। যাৰ বাবে গো মূত্ৰৰে পবিত্ৰ কৰিব লগা হৈছে মঞ্চ। বিজেপি যুৱ মৰ্চাৰ এই কাৰ্যৰ পাছতেই সৰৱ হৈ পৰে অভিনেতা ৰাজে।

টুইট কৰি কয়  “মই যিখন মঞ্চত গৈ ভাষণ প্ৰদান কৰিছিলো তাত বিজেপিৰ যুৱ মৰ্চাই গো মূত্ৰৰে  শুদ্ধিকৰন কৰিলে। মই য’ত যাম প্ৰতিটো অনুষ্ঠান তথা মঞ্চতে গো মূত্ৰ ছটিয়াই শুদ্ধিকৰন কৰিব নে বিজেপি যুৱ মৰ্চাই?" ৰাজৰ এই টুইটৰ পাছত বিজেপি যুৱ মৰ্চাই কি মন্তব্য প্ৰকাশ কৰে সেয়া লক্ষ্যণীয় হ'ব।