newsnextone.com | গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই আহিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শনিবাৰে হাতত জোঁৰ লৈ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰি হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে শনিবাৰ বিয়লি হুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত পথ অৱৰোধ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজ পথ কঁপাই তোলে৷ 

বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসম ধ্বংসকাৰী সিদ্ধান্ত গ্ৰহণ কৰি হিন্দু-বাংলাদেশী অসমত সংস্থাপিত কৰাৰ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাক ধিক্কাৰ দি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক হৈ থকাৰ অধিকাৰ নাই বুলি কয়৷ অসমীয়া জাতিক বন্ধকত ৰাখি খলনায়কলৈ পৰিণত হ'ল বুলি কটাক্ষ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে৷ জাতি-মাটি আৰু ভেটি সুৰক্ষিত কৰাৰ সপোন দেখুৱাই দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰে অসমৰ সহজ সৰল ৰাইজ তথা জনগণক চৰম প্ৰতাৰণা কৰিছে বুলি কৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ক্ষোভ জাহিৰ কৰে৷

কেইবাশতাধিক ছাত্ৰ-ছাত্ৰী তথা কেইবাগৰাকী জাতীয়-জনগোষ্ঠীয় ছাত্ৰ নেতাই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, অসম বাংলাদেশীৰ চৰণীয়া পথাৰ হবলৈ দিয়া নহ’ব, নাগৰিকত্ব সংশোধনী আইন ২০১৬ মানি লোৱা নহ’ব, জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি শ্ল’গান দি প্ৰায় ১ ঘন্টা সময় পথ অৱৰোধ কৰে আৰু বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা জালুকবাৰী ৰাজীৱ চ'কলৈ জোঁৰ সমদল উলিয়াই।

ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত গুৱাহাটী বিশ্ববিদ্যালয় ভাৰতৰ ছাত্ৰ ফেডাৰেচন, এন এছ ইউ আইৰ সমিতিৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰি অসম ধ্বংস কৰিব ৬বিচৰা আইন মানি নলও বুলি স্পষ্ট কৰে ছাত্ৰ সমাজে৷ কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মানস কোঁৱৰ, আশ্ৰাফুল ইছলাম, বিশ্ববিদ্যালয় সমিতি প্ৰেমানন্দ দাস, খ্যাতিময় বৰা, এছ এফ আইৰ হৈ ৰাজ্যিক সাধাৰণ সম্পাদক নিৰংকুশ নাথ, এন এছ ইউ আইৰ উত্তৰ পূৱ আঞ্চলিক প্ৰচাৰ প্ৰতিনিধি মানৱজ্যোতি কলিতা, বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি আৰু সম্পাদক সঞ্জীৱ তালুকদাৰ, মতিয়াৰ ৰহমানকে ধৰি কেইবাজনো ছাত্ৰ নেতা উপস্থিত থাকে।