গুৱাহাটীঃ সোমবাৰে হিন্দুস্তান কলেজৰ ইনষ্টিটিউট অৱ হ’টেল মেনেজমেন্টৰ ৩০ তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ 

হ’টেল মেনেজমেন্টৰ লগত জড়িত থকা হস্পিতেলেটি, খাদ্য ৰন্ধন প্ৰণালী, মেনেজমেন্টত কাম কৰিলে মানুহক কেনেদৰে সেৱা কৰিব পৰা যাই এই আটাইবোৰৰ শিক্ষা লাভ কৰে উক্ত অনুষ্ঠানত৷ বৰ্তমান বহুলোকে এই বিষয়ত জ্ঞান অৰ্জন কৰি কাম কৰি আহিছে৷ এি প্ৰতিষ্ঠানত প্ৰত্যকটো বিষয়ক সূক্ষ্মতাৰে শিকোৱা হয়৷ 

আনহাতে, আই এমৰ অধ্যক্ষ সুশান্ত চক্ৰৱৰ্তীয়ে প্ৰতিষ্ঠা দিৱসৰ দিনা মন্তব্য আগবঢ়োৱাৰ লগতে সকলোৱে কেক কাটি প্ৰতিষ্ঠা দিৱস উদযাপন কৰে৷ লগতে প্ৰত্যেক গৰাকী বিদ্যাৰ্থীক চাৰ্টিফিকেটো প্ৰদান কৰে।