![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/f0814405-fd75-4b59-8f53-500e765c22f7.jpg?itok=egvgVOPK)
গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০ সংগঠনৰ অংশীদাৰী জাতীয় সংগঠন টাই-আহোম যুৱ পৰিষদ, অসমৰ আগন্তক লোকসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত মঙলবাৰে গুৰুত্বপূৰ্ণ সংবাদ মেলৰ আয়োজন কৰা হয়৷
গুৱাহাটীৰ প্ৰেছ ক্লাবত আয়োজন কৰাৰ উক্ত সংবাদ মেলখনত জাতীয় সংগঠনৰ প্ৰচাৰ সম্পাদক গুণকান্ত গগৈয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক, অসমৰ বানপানীৰ সমস্যা, আহোম জনগোষ্টীৰ জনজাতিকৰণ লগতে ৰাজ্যত দেখা দিয়া নিবনুৱা সমস্যা সমাধানৰ বাবে যি দল তথা নেতাই গুৰুত্ব দিব সেই দল তথা নেতাকে সমৰ্থন কৰিব জাতীয় সংগঠনটোৱে। আগন্তক লোকসভাৰ নিৰ্বাচনত টাই- আহোম যুৱ পৰিষদে প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনত তিনিটা সমষ্টিৰ তিনিজন প্ৰাৰ্থীক মুকলিলৈ সমৰ্থন জনাব বুলিও জানিবলৈ দিয়ে তেওঁ৷
এই সংবাদ মেলখনত সংগঠনটোৱে সমৰ্থন কৰিবলগীয়া প্ৰাৰ্থী সকলৰ নাম মুকলিকৈ উল্লেখ কৰিলেও তেওঁলোকে অতি সোনকালে এই বিষয়ক ৰাজহুৱা কৰিব বুলি কয়। লগতে তেওঁলোকে সমৰ্থন কৰিবলগীয়া তিনিটা সমষ্টিৰ তিনিজন নেতাৰ সৈতে ইতিমধ্যে আলোচনা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিছে। সেই নেতা কেইজনে টাই আহোম যুৱ পৰিষদ অসমক তেওঁলোকৰ দীর্ঘদিনীয়া দাবী আহোম জনগোষ্টীক জনজাতিকৰণ কৰা আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰাৰ আশ্বাস প্ৰদান কৰিছে। তাৰ স্বাৰ্থত তেওঁলোকে প্ৰাৰ্থী কেইজনক সমৰ্থন কৰিব বুলি জানিবলৈ দিয়ে।
আগন্তক লোকসভাৰ নিৰ্বাচনত সকলো জনসাধাৰণক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি উপযুক্ত প্ৰাৰ্থীক নিৰ্বাচন কৰিবলৈ আহ্বান জনাই সংগঠনটোৱে।
মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰি সংগঠনটোৱে কয় যে ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত মোডী চৰকাৰখনে সমতা, সমবিকাশ, উন্নয়ন আৰু ছয় জনগোষ্টী সমস্যাৰ সন্দৰ্ভত যি আশ্বাস দিছিল সেই আশ্বাসসমূহ এতিয়া কেৱল প্ৰতিশ্ৰুতিৰ চানেকি হৈ থাকিল বুলিও উল্লেখ কৰে।
এইবাৰ নিৰ্বাচনত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰে তেন্তে অনাগত দুই মাহৰ ভিতৰত ছয় জনগোষ্টীৰ লগতে আহোম জনগোষ্টীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিব লাগিব। অন্যথা ২০২১ নিৰ্বাচনত টাই আহোম যুৱ পৰিষদে অসমৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ প্ৰচাৰ চলাব বুলি সংগঠনটোৱে সকিয়নী প্ৰদান কৰে৷ আজি এই সংবাদ মেলত সংগঠনটোৰ সদস্য সুভাষীশ ডেকাও উপস্থিত থাকে।