বায়ু সেনাৰ কৃতিত্বত নলবাৰীত অখিল ভাৰতীয় বিদাৰ্থী পৰিষদৰ ফটকা ফুটাই বিজয় উল্লাস

নলবাৰীঃ অখিল ভাৰতীয় বিদাৰ্থী পৰিষদ নলবাৰী নগৰ শাখাৰ উদ্যোগত আজি পাকিস্তানত যি ভাৰতীয় বায়ু সেনাই এয়াৰ ষ্টাইক কৰি পাকিস্তানক ধৰাসায়ী কৰিলে তাৰেই আনন্দত ফটকা-ফুটাই বিজয় উৎসৱ পালন কৰে।

লগতে আজি পাকিস্তানৰ বিমান LOC পাৰ কৰি ভাৰতত প্ৰবেশ কৰাত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বিমানখন ধ্বংস কৰে । সংগঠনটোয়ে ভাৰতীয় সেনা জিন্দাবাদ, ভাৰত মাতা কী জয় ধ্বনিৰে নলবাৰী কলেজ চ'ক ত বিজয় উৎসৱ পালন কৰে৷

উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অলকেশ বুজৰ বৰুৱা, নলবাৰী জিলা সংযোজক হিমাংশু তালুকদাৰ, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক বিকাশ তালুকদাৰ লগতে বিদ্যাৰ্থী পৰিষদৰ ভালেকেইজন কাৰ্য্যকৰ্তা উপস্থিত থাকে ।