গুৱাহাটীঃ সংবাদ মাধ্যমক নীতিপাঠ শিকোৱাৰ ক্ষেত্ৰত নিজেই যেন নিজৰ বিৰুদ্ধে প্ৰতিযোগিতাত নামিছে অসমৰ মুখ্যমন্ত্ৰী। সোমবাৰে এটা ছেটেলাইট নিউজ চেনেলক সংবাদমেলৰ মাজতে আক্ৰমণৰ লক্ষ্য কৰি লৈয়ো হেঁপাহ নপলোৱা মুখ্যমন্ত্ৰীয়ে আজি বহিঃৰাজ্যৰ এগৰাকী বাইকাৰ্ছৰ বাইক চুৰিৰ ঘটনাৰ আলম লৈ অসমৰ প্ৰতিগৰাকী সাংবাদিকে তেনেধৰণৰ খবৰ এটা পালে প্ৰথমে কি কৰিব লাগে সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়ায়।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সাংবাদিসকলে অসমৰ বদনাম হোৱা কোনো কাম কৰিব নালাগে। চুৰি হোৱা কথাটো সত্য যদিও সেয়া প্ৰচাৰ কৰিলে অসমৰ বদনাম হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। মুখ্যমন্ত্ৰীয়ে সেয়ে খবৰটো পোৱা মাত্ৰকে সাংবাদিকক বাতৰিটো প্ৰকাশ নকৰি মুখ্যমন্ত্ৰীক ঘটনাৰ বিৱৰণ দি অসমৰ বদনাম ৰোধ কৰিবৰ বাবে দুদিনৰ ভিতৰত চোৰ বিচাৰিবলৈ ক’বলৈ আহ্বান জনায়। তেওঁ এয়াও কয় যে এয়াই হ’ব নতুন অসমৰ নতুন নিয়ম। মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ বাতৰি লিখিব নে নিলিখিব সেইটোৰ ওপৰতে জননী জন্মভূমিক সাংবাদিকজনে কিমান ভালপায় সেয়া ওলাই পৰে বুলিও আওপকীয়াকৈ কয়।

ইয়াতেই ক্ষান্ত নাথাকি মুখ্যমন্ত্ৰগৰাকীয়ে কটনত পঢ়ি থকা দিনত 'সাদিন’ নামৰ সাপ্তাহিক কাকতখনে তেওঁক হৰুৱাবলৈ চেষ্টা কৰি থকা বাবে কটনৰ নিৰ্বাচনৰ আগদিনা গোটেই গুৱাহাটীৰ সাদিন সোপাকেই কিনি পেলাইছিল বুলিও বিধানসভাত দম্ভালি মাৰে। আজিৰ ভাষণত অসমত কোনো ছোৱালীয়ে ধনৰ অভাৱত কলেজৰ পৰা ড্ৰপ আউট হোৱা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ড্ৰপআউট হোৱা এজনী ছোৱালী অখিল গগৈয়ে দেখুৱাই দিব পাৰিলে মুখ্যমন্ত্ৰী পদ এৰি দিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত চৰকাৰে ঋণ লোৱাৰ সপক্ষে ক’বলৈ গৈ এখন দৈনিক বাতৰি কাকতৰ স্বত্বাধিকাৰীৰ ব্যক্তিগত তথ্য বিধানসভাত পাঠ কৰি দিয়ে। স্বত্বাধিকাৰীগৰাকীৰ নাম নোলোৱাকৈয়ে ৰাজ্যসভাত নিৰ্বাচন খেলাৰ সময়ত সেই স্বত্বাধিকাৰীগৰাকীয়ে ৩ কোটি টকা ঋণ লোৱাৰ প্ৰসংগ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ''এইজন লোকৰ পেপাৰখনে সদায় ঋণ লোৱাৰ বিৰুদ্ধে পুৱাই পুৱাই হেডলাইন কৰে। কিন্তু নিৰ্বাচন খেলিবৰ সময়ত নিজেই তেওঁ ৩ কোটি টকাৰ ঋণ লৈছিল। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ দেখুৱাইছিল ৬ কোটি টকা।’’

মুখ্যমন্ত্ৰীগৰাকীয়ে এই উদাহৰণ দি কয় যে কোনো এজন লোকে যদি ১ লাখ টকা দৰমহা পায় তেন্তে তেওঁ ৩০ হাজাৰ টকা ঋণ ল’ব পাৰে। তাৰ বিপৰীতে অসম চৰকাৰে ১০০ টকা উপাৰ্জনৰ বিপৰীতে মাত্ৰ ২৫ শতাংশহে ঋণ লৈ আছে বুলিও দাবী কৰি ঋণ লোৱাৰ সপক্ষে মত দাঙি ধৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত বাজেটৰ একাধিক গুণানুকীৰ্তন গোৱাৰ লগতে তেওঁৰ লক্ষ্য ২০২৬ৰ নিৰ্বাচন নহয়, ২০৪৭চনৰ নিৰ্বাচনহে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, ''২০২৬লৈ চিন্তা কৰাৰ প্ৰয়োজনেই নাই, ২০২৬ৰ সকলো প্ৰস্তুতি কেতিয়াবাই হৈ গৈছে। আমাৰ লক্ষ্য হৈছে ২০৪৭ চনৰ নিৰ্বাচন। ২০২৪৭ত আমি কেনেকৈ জিকিব তাৰহে কল্পনা কৰিছো।’’ এইদৰে আজি বাদ-বিবাদৰ মাজেৰে অধিক আগ্ৰাসী মনোভাৱেৰে সাংবাদিক, বিৰোধী বিধায়ক, বাতৰি কাকতৰ স্বত্বাধিকাৰী সকলোকে আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয়।