গুৱাহাটীঃ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তদানীন্তন মানৱ সম্পদ উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীয়ে ঘোষণা কৰিছিল যে কেন্দ্ৰই ৰাজ্যখনৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নতুনকৈ ১৪খন জৱাহৰ নবোদয় বিদ্যালয় স্থাপন কৰিব। কিন্তু ২০১৬বৰ্ষৰ ৭ জানুৱাৰীত কৰা সেই ঘোষণা যে কেৱল নিৰ্বাচনী চমকহে আছিল সেয়া স্পষ্ট কৰি তুলিছে বিভাগটোৰ বৰ্তমানৰ মন্ত্ৰী প্ৰকাশ জাভেড়কাৰে অসমৰ এগৰাকী সাংসদলৈ প্ৰেৰণ কৰা এখন পত্ৰই।

স্মৃতি ইৰাণীৰ উক্ত ঘোষণাৰ পিছতে বিগত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত সংসদৰ অধিৱেশনৰ শূন্যকালীন ঘন্টাত প্ৰসংগটো উত্থাপন কৰি নতুন নবোদয় বিদ্যালয় স্থাপনৰ পৰিকল্পনাৰ বিষয়ে সবিশেষ জানিব বিচাৰিছিল কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। ৰাজ্যখনৰ চাহ জনগোষ্ঠী অধ্যুষিত জিলাকেইখনৰ শৈক্ষিক অনগ্ৰসৰতাৰ দিশটো বলিষ্ঠভাৱে উত্থাপন কৰি তেওঁ শীঘ্ৰে নতুনকৈ জৱাহৰ নবোদয় বিদ্যালয় স্থাপনৰ ব্যবস্থা কৰিবলৈকো শূন্যকালীন ঘণ্টাত চৰকাৰক আহ্বান জনায়।

কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত কৰি সেই ঘোষণাৰ এবছৰৰ অন্তত বৰ্তমানৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী জাভেড়কাৰে সাংসদ গৌৰৱলৈ এখন পত্ৰ প্ৰেৰণ কৰি জনায় যে অসমত নতুনকৈ নবোদয় বিদ্যালয় স্থাপনৰ কোনো পৰিকল্পনা নাই। নতুন নবোদয় বিদ্যালয় স্থাপনৰ বিষয়টো সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰৰ ইচ্ছা আৰু আগ্ৰহৰ ওপৰতে নিৰ্ভৰ কৰে বুলিও পত্ৰখনত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

যোৱা ৮ ফেব্ৰুৱাৰীত প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা মতে অসমত ইতিমধ্যে স্থাপন কৰা ২৮ খন নবোদয় বিদ্যালয়ৰ ২১খন বিদ্যালয়ৰ নিজা বিদ্যালয়গৃহ থকাৰ বিপৰীতে ৬খন বিদ্যালয় ভাৰাঘৰত চলি আছে। আনহাতে কামৰূপ জিলাৰ প্ৰস্তাৱিত বিদ্যালয়খনৰ বাবে প্ৰশাসনীয় কাম কাজ চলি থকাৰ কথা জানিবলৈ দি মন্ত্ৰণালয়ে পত্ৰখনত স্পষ্টকৈ উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰৰ পৰা পাবলগীয়া ভূমি  এতিয়াও আবণ্টিত নোহোৱাত কাম আগবঢ়াব পৰা হোৱা নাই।

পত্ৰখনত মন্ত্ৰণালয়ে জনোৱা মতে চাহ জনগোষ্ঠীৰ বাবে ৰাষ্ট্ৰীয় মাধ্যমিক শি‌ক্ষা অভিযানৰ অধীনত অসমৰ চাহ বাগিছাসমূহত বিজ্ঞানাগাৰ, কম্পিউটাৰ শিক্ষা সম্বলিত ১০০০ খন উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয় আছে।ইয়াৰোপৰি উক্ত অঞ্চলসমূহত ৫০০খন চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত উচ্চ মাধ‍্যমিক বিদ‍্যালয় আছে।

জাভেড়কাৰে পত্ৰখনত আৰু জনাইছে যে ভাৰতৰ প্ৰতিখন জিলাতে এখনকৈ জবাহৰ নবোদয় বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ আছে আৰু উক্ত প্ৰস্তাৱে ২০১৪ বৰ্ষৰ ৩১ মে'লৈকে অসমৰ আটাইকেইখন জিলাকে সামৰি লৈছে। গতিকে ৰাজ্যখনত বৰ্তমান নতুনকৈ এখনো নবোদয় বিদ্যালয় স্থাপনৰ কোনো পৰিকল্পনা নাই বুলি স্পষ্ট কৰি দিয়ে মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীয়ে।

পত্ৰখনত উল্লেখ কৰা জাভেড়কাৰৰ এই মন্তব্যই স্পষ্ট কৰি তোলে যে তদানীন্তন মানৱ সম্পদ উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীয়ে অসমত চাহ জনগোষ্ঠীৰ বাবে ১৪খন নতুন জৱাহৰ নবোদয় বিদ্যালয় স্থাপন কৰিব বুলি যি ঘোষণা কৰিছিল সেয়া নিৰ্বাচনী চমকৰ বাদে একো নাছিল।