ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ কাঠুৱা, উত্তৰ প্ৰদেশৰ উন্নাও আৰু দেশত সংঘটিত হৈ অহা ধৰ্ষণ কাণ্ড-নাৰী নিৰ্যাতনৰ ঘটনাক লৈ দেশৰ লগতে বিদেশতো প্ৰতিক্ৰিয়া অব্যাহত আছে৷ খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই কাণ্ড সংঘটিত হৈ অহাত এগৰাকী মহিলাৰ পৰামৰ্শত অস্বস্তিত পৰিব লগা হ’ল৷

বিদেশ ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মহিলাক লৈ চিন্তাৰ কৰিবৰ বাবে পৰামৰ্শ লাভ কৰাৰ দৰে পৰিৱেশৰ সন্মুখিন হ’ব লগা হ’ল৷ প্ৰধানমন্ত্ৰীক সমগ্ৰ ভাৰতৰ মহিলাৰ বিষয়ে বেছি গুৰুত্ব প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়ালে আইএমএফৰ প্ৰধান ক্ৰিষ্টিন লগাৰ্ডে৷ 

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি চমুকৈ আইএমএফৰ প্ৰধান ক্ৰিষ্টিন লগাৰ্ডে সংবাদ সন্মিলনত ৰাজহুৱাকৈ মহিলাক আৰু গুৰুত্ব দিবলৈ কোৱাত অস্বস্তিত পৰে প্ৰধানমন্ত্ৰী মোডীয়ে৷

ৱাশ্বিংটনত অনুষ্ঠিত এখন সংবাদ সন্মিলনত আইএমএফৰ মুৰব্বীগৰাকীয়ে কয় ‘‘ভাৰতত যি হৈছে সেয়া বিদ্ৰোহ৷ ভাৰতে মহিলাৰ ওপৰত আৰু চিন্তা কৰা উচিত৷ আমি আশা কৰিম ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ভাৰতৰ প্ৰশাসনে এই কথাক গুৰুত্ব দিব৷’’ ইমানে নহয় আইএমএফৰ সঞ্চালক প্ৰধানে আৰু কয় ‘‘ডাভোছৰ সন্মিলনত মোডীৰ ভাষণৰ পিছতে তেওঁক কৈছিলো তেওঁ মহিলাৰ বিষয়ে একো নকলে৷’’