নতুন দিল্লী/গুৱাহাটীঃ লকডাউন পৰিকল্পিতভাৱে কৰা হৈছিল নে নাই সেই লৈ চৰকাৰ আৰু বিৰোধীৰ মাজত বাদানুবাদ চলি থকাৰ সময়তে দেশত এটা দিনত সংক্ৰমণ হোৱা লোকৰ সংখ্যাই অতিক্ৰম কৰিছে ৯০০০ৰ সীমা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুযায়ী যোৱা ২৪ ঘণ্টাত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ৯৯৭১ জন লোক। এতিয়ালৈকে ২৪ ঘণ্টাত হোৱা সংক্ৰমণৰ ক্ষেত্ৰত এয়াই হৈছে সৰ্বাধিক। 

নতুনকৈ যোৱা ২৪ ঘণ্টাত এনেদৰে প্ৰায় ১০ হাজাৰ লোক সংক্ৰমিত হোৱাৰ ফলত দেশত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ২ লাখ ৪৬ হাজাৰ ৬২৮ জন। দিনে দিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ লোৱাত ভাৰতৰ স্থান এতিয়া বিশ্বৰ ভিতৰতে পঞ্চম হৈ পৰিছে। কৰ’না আক্ৰান্ত দেশসমূহৰ তালিকাত আমেৰিকা, ব্ৰাজিল, ৰাছিয়া আৰু গ্ৰেট ব্ৰিটেইনৰ পিছতে আছে ভাৰত।

ইফালে, দিনে দিনে মৃত্যুৰ সংখ্যাও বাঢ়িবলৈ লৈছে। স্বাস্থ্য মন্ত্ৰণালয়ে বাকী দেশসমূহৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰ তেনেই কম বুলি দাবী কৰি আহিলেও বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে আক্ৰান্তৰ সংখ্যা যিমানেই বাঢ়িব ভাৰতত সিমানেই প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক হৈ পৰিব।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুযায়ী যোৱা ২৪ ঘণ্টাত ভাৰতত কৰ’নাত মৃত্যু হৈছে ২৮৭ জন লোকৰ। ভাইৰাছবিধত আক্ৰান্ত হৈ ভাৰতত এতিয়ালৈকে মৃত্যু হৈছে মুঠ ৬৯২৯ জন লোকৰ। এই পৰ্যন্ত সুস্থ হৈ ঘৰলৈ উভতিছে ১ লাখ ১৯ হাজাৰ ২৯৩ জনে। আক্ৰান্তৰ দিশৰ পৰা দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ। দ্বিতীয় স্থানত আছে দাক্ষিণাত্যৰ ৰাজ্য তামিলনাডু। ইয়াৰ পিছতে আছে দিল্লী, গুজৰাট, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ।

আক্ৰান্তৰ দিশৰ পৰা বিশ্বৰ ভিতৰতে আজিৰ তাৰিখত ভাৰতৰ স্থান পঞ্চম হ’লেও বাকী দেশসমূহৰ তুলনাত ভাৰতত মুঠ জনসংখ্যাৰ মাত্ৰ তেনেই সামান্য সংখ্যক লোকহে ভাইৰাছবিধত আক্ৰান্ত হোৱাক একপ্ৰকাৰ সাফল্য হিচাপে গণ্য কৰিছে চৰকাৰে। অৱশ্যে এই সাফল্য বেছি দিনলৈ ধৰি ৰখাতো চৰকাৰৰ পক্ষে সম্ভৱ নহ’ব বুলি মন্তব্য কৰিছে বিশেষজ্ঞসকলে। একাংশ বিশেষজ্ঞৰ মতে, অপৰিকল্পিত লকডাউনৰ পিছত অপৰিকল্পিত আনলকৰ পৰিপ্ৰেক্ষিতত দেশত অনাগত দিনসমূহত সংক্ৰমণৰ হাৰ অধিক ভয়াৱহ হৈ পৰিব পাৰে।

উল্লেখ্য যে যোৱা এসপ্তাহ ধৰি ভাৰতত প্ৰতিদিনেই ৯০০০ নতুন লোক সংক্ৰমিত হৈছে। দৈনিক সংক্ৰমণৰ ক্ষেত্ৰতো ভাৰতে ইতিমধ্যে ব্ৰাজিল আৰু আমেৰিকাৰ পিছতে তৃতীয় স্থান লাভ কৰিছে। ইয়ালৈ চাই বিশ্ব স্বাস্থ্য সংস্থায়ো সকীয়াই দিছে যে লকডাউন শিথিল কৰিবলৈ লোৱা ভাৰতত যদিহে সৰ্বসাধাৰণে সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন নকৰে তেন্তে অতি কম সময়ৰ ভিতৰতে দৈনিক ২০-৩০ হাজাৰ লোক সংক্ৰমিত হ’লেও আচৰিত হ’বলগীয়া একো নাথাকিব।

অসমত কোৱাৰেণ্টাইন চেণ্টাৰ হৈ পৰিছে নেকি সংক্ৰমণৰ কেন্দ্ৰস্থল?

অসমতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। ৰাজ্যখনত এতিয়ালৈকে আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হৈছে ২৫৬৫ জন। অৱশ্যে ইয়াৰে ৫৮৮ জন সুস্থ হৈ ঘৰলৈ উভতিছে আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে মাত্ৰ ১৯৭০ জন ৰোগী। ৰাজ্যখনত ৰোগবিধত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা হৈছে মাত্ৰ ৪ জন।

কেইদিনমান আগলৈকে ৫০জনো কৰ’নাক্ৰান্ত নথকা ৰাজ্যখনত এই পৰ্যন্ত বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ দেহতহে পজিটিভ ধৰা পৰিছে যদিও কোৱাৰেণ্টাইন চেণ্টাৰসমূহক লৈ প্ৰশ্ন উত্থাপিত হৈছে। বহুতেই অভিযোগ কৰিছে যে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা বাবেহে পজিটিভ ধৰা পৰিছে।

বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত সামাজিক দূৰত্বকে আদি কৰি কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া সতৰ্কতামূলক ব্যৱস্থাসমূহ ঠিকমতে গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত হৈছে। 'মোৰ গা তামিলনাডুত থকালৈকে ঠিকেই আছিল। কোৱাৰেণ্টাইন চেণ্টাৰত ৫ দিন থকাৰ পিছত দুৰ্বল অনুভৱ কৰিছিলো। তাৰ পিছত মোৰ পজিটিভ ধৰা পৰে। এতিয়া অৱশ্যে সুস্থ হৈছো। কোৱাৰেণ্টাইন চেণ্টাৰত বহুক্ষেত্ৰতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব পৰা পৰিৱেশ নাছিল। সেয়ে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰাই সংক্ৰমণ হৈছে বুলি মোৰ ভাব হৈছে।’-নাম প্ৰকাশ নকৰাৰ চৰ্তত NNOৰ আগত এইদৰে কয় বৰ্তমান সুস্থ হৈ উঠা এগৰাকী কৰ’নাক্ৰান্তই।