ডিজিটেল ডেস্কঃ চৰকাৰৰ অনুষ্ঠান চি-ডটে সৰু সৰু দোকান সমূহত ৱাইফাই সংযোগ কৰাৰ কথা ঘোষণা কৰিছিল৷ চৰকাৰে এই ঘোষণা কৰাৰ এটা বছৰ পাৰ হ'বৰ হ'ল যদিও বৰ্তমানেও তেনে ঘোষণা কাৰ্যকৰী হোৱা নাই৷ কিন্তু ইয়াৰ পূৰ্বে ৱাইফাই ডব্বা আহিল বজাৰলৈ। এয়া চৰকাৰে নহয় ব্যক্তিগত এটা কোম্পেনীয়ে হে আহিল৷ জিঅ অহাৰ পিছত ইন্টাৰনেট সেৱাৰ মূল্য কমি গৈছে, লগতে অন্য টেলিকম সংস্থা সমূহেও কম দামত অধিক ইন্টাৰনেট সেৱা আগবঢ়াইছে৷ 

বাংগালুৰুস্থিত ষ্টাৰ্ট আপ কোম্পানী যাৰ নামেই হৈছে ৱাইফাই ডব্বা৷ প্ৰায় এবছৰ পূৰ্বে স্থাপন কৰা এই কোম্পানীটোৰ মতে, ভাৰতত বৰ্তমানেও ইন্টাৰনেটৰ মূল্য লগাতকৈ অধিক৷ কোম্পানীটোৱে জিঅ অহাৰ পিছতো ভাৰতত নেটৰ বাবে বহু টকা ভৰিব লগা হৈছে যাৰ বাবে এই ৱাইফাই যোগে কম মূল্যত ডাটা প্ৰদান কৰিব।

এই ষ্টাৰ্ট আপ কোম্পানীটোৱে যাৰ আৰম্ভণি মাত্ৰ ২ টকা৷ দুটকাতেই ১০০ এম বি ডাটা প্ৰদান কৰিব কোম্পানীটোৰ আঁচনিৰ জৰিয়তে৷ ইয়াৰ বাহিৰে ১০ টকাৰ আঁচনিত ৫০০ এম বি আৰু ২০ টকাৰ আঁচনিত ১জিবি ডাটা পাব৷ উল্লেখ্য যে এই তিনিওটা আঁচনিতেই গ্ৰাহকে ২৪ ঘন্টীয়া ভেলিডেটি পাব৷ আনহাতে জিঅই ১৯ টকাত দিনটোৰ বাবে আনলিমিটেড ভয়চ কল আৰু ০.১৫জিবি ডাটা দিয়ে৷ 

পিছলৈ এই ডাটাপেকে স্থানীয় চাহৰ দোকান আৰু বেকাৰী দোকানত উপলব্ধ হব, কিন্তু বৰ্তমানে এই সুবিধা অকল বাংগালুৰুতেই  উপলদ্ধ হৈছে।