ডিজিটেল ডেস্কঃ দহটা ৰাইফলেৰে ৬৪ বছৰীয়া লোকে ধাৰাষাৰ গুলী বৰ্ষণ কৰিছিল আমেৰিকাৰ লাছ ভেগাছ কাণ্ডত৷ আক্ৰমণত প্ৰায় ৫০গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় চাৰি শতাধিক লোক গুৰুতৰ ভাবে আহত হয়৷ হত্যকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে ইছলামিক ষ্টেট ইছলামিক ষ্টেট চমুকৈ আইএছআইএছয়ে৷ ISISয়ে দাবী কৰা মতে ঘটনা সংঘটিত কৰা লোকজনে কিছু মাহ পুৰ্বে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল৷
আমেৰিকাৰ সময়মতে দেওবাৰে নিশা ১০.৪৫ বজাত সংঘটিত এই ঘটনাৰ সৈতে জড়িত লোকজন স্থানীয় নাগৰিক বুলি দাবী কৰে আৰক্ষীয়ে৷ ৰেষ্টুৰেন্ট আৰু কেছীনত তিনি ধৰি অনুষ্ঠিত হ’বলগীয়া ৯১ সংখ্যক হাৰ্বেষ্ট উৎসৱত সংগীতৰ কাৰ্যসুচী চলি আছিল৷ শনিবাৰে অন্তিম দিন আছিল৷ সংগীতৰ কাৰ্যসুচীত হাজাৰ হাজাৰ লোক সমবেত হৈছিল৷
অনুষ্ঠানত বিখ্যাত সংগীতজ্ঞ এৰিক চৰ্চ, শ্যাম হন্ট আৰু জেচন অল্ডিয়ানে সংগীত পৰিবেশন কৰি আছিল৷ উক্ত সময়তে ধৰাষাৰ গুলীবৰ্ষণ হবলৈ ধৰে আৰু হাজাৰ হাজাৰ লোকে কেছীন এৰি দৌৰিবলৈ ধৰে৷ লাছ ভেগাছ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱক্তাই এগৰাকী আৰক্ষী সহ ১৫ গৰাকী লোকৰ অৱস্থা বৰ্তমানেও সংকটজনক বুলি কয়৷ লাছ ভেগাছক মনোৰঞ্জন ৰাজধানী বুলি কোৱা হয়৷ জুৱা, কিনা-বেচা, বিভিন্ন প্ৰকাৰৰ খাদ্যৰ বাবে বিশ্বৰ বহু দেশৰ পৰা মানুহে ইয়াত সমবেত হয়৷
স্মৰ্তব্য যে, লাছ ভেগাছৰ এখন কেছীনৰ ৩২ মহলাত এটি সংগীতৰ অনুষ্ঠান চলি থকাৰ সময়তে অস্ত্ৰধাৰীয়ে যধে-মধে গুলী বৰ্ষণ কৰে৷ ঘটনাস্থলিত ১০গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে অন্য লোকসকলৰ চিকিৎসালয়ত মৃত্যু হয়৷ জানিব পৰা মতে, এখন হোটেলৰ খিৰিকিৰে সংগীতৰ অনুষ্ঠানত সমবেত লোকক উদ্দেশ্যে ধাৰাষাৰ গুলীবৰ্ষণ কৰে৷ প্ৰথম অৱস্থাত সংগীতৰ অনুষ্ঠানত সমবেত লোকসকলে কত কি হ’ল উৱাদিহ পোৱা নাছিল৷ সংগীতৰ অনুষ্ঠান উপলক্ষে ফটকা-ফুটুৱা বুলি অনুমান কৰিছিল৷