কোকৰাঝাৰঃ কোব্ৰা মিলিটেৰী অৱ আসাম চমুকৈ আকমাৰ জাব্ৰিয়াছ খাখা গোটে নিজৰ অস্তিত্ব তথা দুৰ্বলতা ঢাকিবৰ কাৰনে আকমাত বিভাজন হোৱা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰাত নৱগঠিত আকমাৰ  কানহু গোটৰ অধ্যক্ষ উৰ্খান্দম কিসপোটা আৰু সহকাৰী সম্পাদক দীপ্তি কিস্কুয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

আজি এক বিবৃতিযোগে আকমাৰ কানহু গোটৰ উক্ত নেতাদ্বয়ে কয় যে কানহু গোটত থকা ২৭১ গৰাকী সদস্যৰ তালিকা ইতিমধ্যে অসম চৰকাৰ তথা জিলা আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰা হৈছে  ৷ তৎসত্বেও আকমাৰ (খাখা) গোটৰ উপসভাপতি বিনকান্ত সোৰেনে আকমাত কোনো বিভাজন হোৱা নাই বুলি যি মন্তব্য প্ৰকাশ কৰিছে সেয়া সম্পূৰ্ণ মিছা আৰু কোনো সত্যতা নাই৷

বিনকান্ত সোৰেণে কানহু মুৰ্মু আৰু  উপসেনাধ্যক্ষ ৰতন টুডুৰ ওপৰত আকমাৰ আন্দোলনৰ সময়ছোৱাত সংঘটিত হৈ যোৱা ঘটনা সমুহৰ দোষ জাপি দিয়াটো কোনো যুক্তি সঙ্গত নহয় বৰঞ্চ বিনকান্ত সোৰেন আৰু জাব্ৰিয়াছ খাখাৰ নেতৃত্বত আকমাৰ তিনিজনকৈ সদস্যক বিনা দোষত হত্যা কৰা হৈছিল  বুলিও গুৰুতৰ অভিযোগ কৰে আকমাৰ কানহু গোটৰ নেতাদ্বয়ে ৷

সেই সময়ত অতি নিৰ্মমভাৱে হত্যা কৰা উক্ত তিনিজন সদস্য আছিল ক্ৰমে ছালহায় হেম্ব্ৰম, দাছো হেম্ব্ৰম আৰু বাংলাবাৰী গাওঁৰ বাৰনা মুৰ্মু ৷ সেই সদস্য তিনিজনক কিহৰ কাৰনে হত্যা কৰা হৈছিল বুলি প্ৰশ্ন কৰি উক্ত সদস্য তিনিজনৰ হত্যাৰ উচিত তদন্ত কৰি হত্যাকাৰীক কঠোৰ শাস্তি দিবলৈও চৰকাৰক দাবী জনাইছে নেতাদ্বয়ে ৷

আকমাৰ জাব্ৰিয়াছ খাখাৰ সংগঠনটোৰ ভিতৰচৰাত কূটনৈতিক কাৰ্যকলাপে সংগঠনটোৰ সদস্য সকলোক বিভাজনমুখী কৰি তুলিছিল  বাবেই  সংগঠনটোৰ একাংশ নেতা সদস্য ফালৰি কাটি আহি কানহু মুৰ্মুৰ নেতৃত্বত গঠন হোৱা নতুন গোটত চামিল হোৱা বুলি উল্লেখ কৰি  সম্প্ৰতি ডেজিগনেটেড শিবিৰত থকা আকমাৰ সদস্য সকলক পৰিচালনা কৰাৰ দায়িত্বও কানহু মুৰ্মুৰ গোটতে থকা বুলি প্ৰকাশ কৰে কানহু মুৰ্মু গোটৰ নেতাদ্বয়ে ৷