![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/c12e7dde-1ca3-47d9-87f3-534ecd60ba02.jpg?itok=EYfNu3T2)
মোৰাঝাৰঃ ধৰ্মীয় সংখ্যালঘু লোকসকলক চক্ৰান্তমূলকভাৱে বাংলাদেশীৰ অপযশ দি নানা ধৰণে হাৰাশাস্তি চলাই অহাৰ অভিযোগ তুলিছে হোজাই জিলা জমিয়তে৷ হোজাই জিলা জমিয়ত উলেমাৰ সভাপতি মৌলানা আজিৰ উদ্দিন, সাধাৰণ সম্পাদক মুফতি ছৈয়দ আহমেদ, কাৰ্যালয় সম্পাদক মৌলানা চিৰাজ উদ্দিনে এক বিবৃতিযোগে কয় যে হোজাই জিলা প্ৰশাসনে ৰাজহুৱা কৰা তালিকাখনত নথি-পত্ৰ থকা স্বদেশী লোকসকলকো ষড়যন্ত্ৰমূলকভাৱে বাংলাদেশী বুলি ঘোষণা কৰি হাৰাশাস্তি কৰি আহিছে।
কেৱল ধৰ্মীয় সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি হকে-বিহকে বাংলাদেশী ঘোষণা কৰাৰো বিস্ফোৰক অভিযোগ তোলে। ডবকা আৰু লংকা বিদেশী ন্যায়াধিকৰণত বৈষম্যমূলকভাৱে একাংশ স্বদেশী লোকক বিদেশী সজোৱা বুলিও বিবৃতিত উল্লেখ কৰে। ডবকা ন্যায়াধিকৰণত নীলবাগানৰ আব্দুৰ নূৰ নামৰ লোকজন স্বদেশী প্ৰমাণিত হয় যদিও একেখন ন্যায়াধিকৰণে আব্দুৰ নূৰৰ পুত্ৰ আব্দুৰ ৰছিদক বিদেশী বুলি ৰায় দিয়াত জমিয়ত নেতৃত্বই আশ্চৰ্য প্ৰকাশ কৰে।
১৯৫১ চনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে নথি-পত্ৰ থকা প্ৰায়সংখ্যক লোককে সামান্য অজুহাত দেখুৱাই বিদেশী সজোৱা হৈছে বুলি বিবৃতিটোত উল্লেখ কৰে। জিলা জমিয়তে লংকা আৰু ডবকা বিদেশী ন্যায়াধিকৰণ আৰু উচ্চ ন্যায়ালয়ত সন্দেহযুক্ত বাংলাদেশীৰ গোচৰ চলি থকা প্ৰায় ১০৭জন লোকক বাংলাদেশী বুলি ঘোষণা কৰা হৈছে৷ গোচৰৰ শুনানি নোহোৱাসকলক বাংলাদেশী ঘোষণা কৰাৰ আঁৰত গভীৰ ষড়যন্ত্ৰ থকা বুলিও বিবৃতিত কয়৷
ইয়াৰ উপৰি হোজাই জিলাৰ সমান্তৰালকৈ যমুনামুখৰ ১৮জন লোকক কোনো জাননী নিদিয়াকৈ তথা নাগৰিকত্বৰ কোনো গোচৰ ৰুজু নকৰাকৈ তেওঁলোকক কিদৰে বাংলাদেশী ঘোষণা কৰা হ’ল বুলি প্ৰশ্ন উত্থাপন কৰে৷ ১৯৫১ চনৰ এন আৰ চিত নাম থকাৰ লগতে উপযুক্ত নথি-পত্ৰ থকাৰ পিছতো সেইবোৰ নোচোৱাকৈ একপক্ষীয়ভাৱে বাংলাদেশী বুলি ঘোষণা কৰা ঘটনাৰ বিৰুদ্ধে হোজাই জিলা জমিয়ত অচিৰে আদালতৰ দ্বাৰস্থ হ’ব বুলি জানিবলৈ দিয়ে৷
জমিয়তৰ নেতাসকলে বিবৃতিটোত আৰু কয় যে হোজাই জিলাৰ ডবকা (বৰ্তমান শংকৰদেৱ নগৰ) আৰু লংকা বিদেশী ন্যায়াধিকৰণে বাংলাদেশী বুলি ঘোষণা কৰা বহু লোকে কোনো জাননী পোৱা নাই৷ কোনো জাননী নিদিয়াকৈ একপক্ষীয়ভাৱে বাংলাদেশী বুলি ঘোষণা কৰাটোৱে মানৱ অধিকাৰ খৰ্ব কৰিছে৷ উক্ত ন্যায়াধিকৰণত নিয়োজিত সদস্য দুজনে সম্পূৰ্ণ স্বৈৰাচাৰী তথা সাম্প্ৰদায়িক মনোভাৱেৰে নথি-পত্ৰ চালি-জাৰি নোচোৱাকৈ নামৰ সামান্য ভুলৰ বাবে নিৰীহ মানুহক বাংলাদেশী সজাই গৈছে৷
এই সদস্য দুজনে বাংলাদেশী কি আৰু বিদেশী কাক কয় তাকে বুজি নাপায় বুলিও জমিয়তৰ নেতাসকলে বিস্ফোৰক অভিযোগ কৰি এনে স্বৈৰাচাৰিতাৰ বাবে জংগী আন্দোলন গঢ়ি তুলিবলৈ হোজাই জিলা জমিয়তে কুণ্ঠাবোধ নকৰে বুলি হুংকাৰ প্ৰদান কৰে৷ উল্লেখ্য যে হোজাই জিলা জমিয়তে সন্দেহযুক্ত নাগৰিকত্বৰ জাননী লাভ কৰা ১৫৩জন লোকৰ গোচৰ নিজা খৰচত চলোৱাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৩০টা গোচৰ দাখিল কৰিছে৷ ইয়াৰে ২২জন লোকে জিলা জমিয়তৰ যোগেদি উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা বুলি জানিবলৈ দিয়ে।