ডিজিটেল ডেস্কঃ পুনৰ জম্মু-কাশ্মীৰত সুৰক্ষা বাহিনী তথা উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰে৷ জম্মু-কাশ্মীৰৰ পুঞ্জত অৱস্থিত মাৰাঠা লাইত পদৰ সৈন্যবাহিনীৰ ১৫ তম ব্যাটেলিয়নে সন্দেহযুক্ত পাকিস্তানৰ নাগৰিক এগৰাকীক আটক কৰে। লগতে এই নাগৰিক গৰাকীৰ পৰা পাকিস্তানী মুদ্ৰাৰ লগতে প্ৰমান পত্ৰ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে৷ এই ঘটনাৰ সন্দৰ্ভত আৰক্ষী অধিকাৰী এগৰাকীয়ে চপ’ৰৰ আৰমপোৰা অঞ্চলটোত উগ্ৰপন্থীৰ উপস্থিতিৰ সুকীয়া তথ্য পোৱাৰ পিছত পুৱা অঞ্চলটোৰ পথ ঘেৰাও কৰি অনুসন্ধানৰ অভিযান আৰম্ভ কৰে। 

দৰাচলতে বৃৃহস্পতিবাৰে বাৰামুলা জিলাৰ চপ’ৰ অঞ্চলত উগ্ৰপন্থী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত আতংকৰ সৃষ্টি হয়৷ আনহাতে ঘটনাৰ আগদিনা সুৰক্ষা অঞ্চলৰ হাবিত পহৰা দিয়া সুৰক্ষাবাহিনীৰ ওপৰত ট্ৰাকেৰে যাত্ৰা কৰি অহা সন্ত্ৰাসবাদীসকলে গুলী বৰ্ষন কৰে৷ এনেদৰে গুলি চালনা কৰাৰ পাছতেই ঘটনাস্থলিৰ পৰা পলায়ন কৰে সন্ত্ৰাসবাদীসকলে৷ কিন্তু সুৰক্ষাবাহিনীও ক্ষান্ত নাথাকি নিজৰ শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়৷
 
আনহাতে ঝাজ্জাৰ কোটিলত উগ্ৰপন্থীৰ দ্বাৰা আক্ৰমণক কাৰ্যৰ পিছতো দ্বিতীয় দিনাখন অনুসন্ধান কাৰ্য অব্যাহত ৰাখে সুৰক্ষাবাহিনীয়ে৷ ইয়াৰ মাজতেই এই অঞ্চলতোত ইন্টানেত সেৱা বন্ধ কৰি দিয়া বুলিও খবৰ পোৱা যায়